নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ আগষ্টৰ পৰা আটাছুৰ ৪৮ ঘণ্টীয়া অ’এনজিচি বন্ধ ঘোষণা

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অএনজিচি অসম সম্পদ নাজিৰাৰ অধীনত শেহতীয়াকৈ ওলোৱা লঘূ যান-বাহনৰ নিবিদাক লৈ এতিয়াও বিভিন্ন দল-সংগঠন, প্ৰশাসন আৰু অএনজিচি কৰ্তৃপক্ষৰ মাজত অব্যাহত আছে বিৰোধ। যাৰ বাবে সদৌ তাই আহোম ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ২০ আগষ্টৰ পৰা ৪৮ ঘণ্টীয়া অএনজিচি বন্ধৰ ঘোষণা কৰিছে।উল্লেখযোগ্য যে ২১ আগষ্ট তাৰিখে লঘূ যান-বাহনৰ নিবিদা জমাৰ অন্তিম দিনৰূপে অএনজিচি কৰ্তৃপক্ষই দিন ধাৰ্য কৰিছিল।আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পাৰ্থ গগৈয়ে জানিবলৈ দিয়া অনুসৰি বহু খাম খেয়ালিৰ মাজত অএনজিচি অসম সম্পদৰ গুৰু আৰু লঘূ যানবাহনৰ ঠিকা প্ৰদান কৰি অহা হৈছে।কেতবোৰ অপ্ৰয়োজনীয় নিয়ম- স্বৰ্তাৱলী প্ৰৱৰ্তন কৰি এই ঠিকা সমূহ বছৰ বছৰ ধৰি এচাম প্ৰভাৱশালী নিৰ্দিষ্ট ঠিকাদাৰে লাভ ব্যৱস্থা কৰি আহিছে।যাৰ ফলত স‌ংস্থাপনৰ পৰা বঞ্চিত হৈছে হাজাৰ হাজাৰ স্থানীয় থলুৱা যুৱক।এইবাৰো অএনজিচিৰ তৰফৰ পৰা কেতবোৰ অদৰকাৰী – অদ্ভুদ স্বৰ্ত আৰোপ কৰা হৈছিল যদিও একাধিক সংগঠন আৰু অনুষ্ঠানে ইয়াৰ বিৰোধিতা কৰাত যোৱা ৮ আগষ্ট তাৰিখে শিৱসাগৰ আয়ুক্তৰ মধ্যস্থতাত অএনজিচি কৰ্তৃপক্ষৰ সৈতে দল-সংগঠনৰ এক আলোচনা হৈছিল।উক্ত আলোচনাত লঘূ যান-বাহনৰ নিবিদা পত্ৰত অদৰকাৰী স্বৰ্ত সমূহ আঁতৰাই স্থানীয় থলুৱা যুৱকে নিবিদাত অংশগ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি নতুন নিৰ্দেশনা অএনজিচিৰ পৰা প্ৰকাশ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।কিন্তু উক্ত নিবিদা জমা কৰাৰ অন্তিম দিন ২১ আগষ্ট পালেহি যদিও অএনজিচিৰ তৰফৰ পৰা কোনো নিৰ্দেশনা আজিলৈকে প্ৰকাশ নহ’ল।যাৰ বাবে থলুৱা স্থানীয় নিবনুৱা যুৱক সকল এতিয়াও এই নিবিদা প্ৰক্ৰিয়াত অংশ লব পৰা নাই।যাৰবাবে আটাছুৰ শিৱসাগৰ জিলা সমিতিয়ে অএনজিচিৰ এই অসম বিৰোধী স্থিতি আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে দুদিনীয়া বন্ধ ঘোষণা কৰিছে বুলি সভাপতি গৰাকীয়ে সদৰী কৰে।আনহাতে বিষয় সন্দৰ্ভত শিৱসাগৰ জিলা আয়ুক্তৰ ভূমিকাকো তীব্ৰ সমালোচনা কৰিছে আটাছুৱে।এই নিবিদা সন্দৰ্ভত শিৱসাগৰ জিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও আজিকোপতি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা কোনো উত্তৰ নাপালে বুলিও আটাছুৱে জানিবলৈ দিয়াৰ লগতে বৃহত্তৰ নিবনুৱা সকলৰ স্বাৰ্থত নিগম বন্ধত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like