নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ আজি দুপৰীয়া ধুবুৰী চহৰৰ ব্যস্ততম আৰ কে বসু ৰোডত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত এখন গেলামালৰ পাইকাৰী দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে কাষতে থকা আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰো এছোৱাও ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত বৃহত্তৰ সেই অঞ্চলটোৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি কাষতে থকা এটা বেংক কথমপি ৰক্ষা পৰে। ভস্মীভূত হোৱা সেই গেলামালৰ দেকানখনৰ স্বত্বাধিকাৰগৰাকীৰ ভাষ্য অনুসৰি, তেওঁ দোকানখন বন্ধ কৰি দুপৰীয়া ১২ বজাত মচজিদত শুকুৰবাৰৰ নামাজ আদায় দিবলৈ গৈছিল। মছজিদতে নিজৰ দোকানখনৰ পৰা ধোঁৱা ওলাই থকা বুলি শুনি তেওঁ দোকানত উপস্থিত হৈ ভিতৰত থকা সকলো সামগ্ৰী ভস্মীভূত হোৱা পায়। আনুমানিক ১০/১২ লাখ টকাৰ সামগ্ৰী জুইত জাহ যোৱা বুলি দাবী কৰিছে ব্যৱসায়ীগৰাকীয়ে। ইপিনে বিষয়টো অৱগত হৈ তিনিখনকৈ অগ্নিনিৰ্বাপক বাহন লৈ ঘটনাস্থলেই উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল এটাই। অগ্নিকাণ্ডটোৰ বাবে সৃষ্টি হোৱা ধোঁৱাময় পৰিস্থিতিৰ মাজতেই মুখত অক্সিজেনৰ মাক্স ল’গাই স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় দলটোৱে। ফলত এক বৃহৎ অঘটন পৰা ৰক্ষা পৰে বৃহত্তৰ সেই অঞ্চলটোৰ ৰাইজ। ইপিনে কিহৰ পৰা আজিৰ এই অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটিল সেয়া বৰ্তমানলৈ নিশ্চিত ভাৱে জানিব পৰা যোৱা নাই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী