বিশেষ বাৰ্তা, ১৮ আগষ্ট : অসম ৰাজ্যিক চিৰিয়াখানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।চিৰিয়াখানাৰ একাংশ কৰ্মচাৰীৰ ভুলৰ বাবে এইবাৰ পিঞ্জৰাৰ পৰা ওলাই গল দুটাকৈ নাহৰফুটুকী। শেহতীয়াকৈ কিছুদিন পূৰ্বে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা এটা বাঘ ওলাই পিঞ্জৰাৰ পৰা ওলাই যোৱাৰ খবৰ জাননী যোগে অবগত কৰিছিল চিৰিয়াখানা কৰ্তৃপক্ষই। কিন্তু এইবাৰ ১৫ আগষ্টৰ দিনা ওলাই যোৱা বাঘৰ খবৰ এই পৰ্যন্ত সদৰী কৰা নাই চিৰিয়াখানা কৰ্তৃপক্ষই। তথ্য অনুসৰি ১৫ আগষ্টৰ দুপৰীয়া বাঘৰ গড়ালত যেতিয়া কৰ্মচাৰীয়ে খাদ্য দিবলৈ গৈছিল তেতিয়া পিঞ্জৰাৰ ভিতৰত বাঘ নেদেখি হতভম্ব হৈছিল কৰ্মচাৰী গৰাকী। ইয়াৰ পিছতে এই খবৰ চিৰিয়াখানাৰ ভিতৰত বিয়পি পৰাৰ কথাটো গাপ দি ৰাখে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই। কিন্তু আন একাংশ সতেচন কৰ্মচাৰীয়ে জুৰোডৰ ওচৰে পাজৰে থকা বাসিন্দাসকলক এইকেইদিন কিছু সাবধানে থাকিবলৈ কোৱাত বাঘ ওলাই যোৱাৰ কথাটো পোহৰলৈ আহে। ইফালে, পিঞ্জৰাৰ পৰা বাঘ ওলাই যোৱাৰ পিছত বনকৰ্মীয়ে চিৰিয়াখানাৰ ভিতৰত চলাথ কৰিছে যদিও তিনি দিন ধৰি সন্ধান নাই প্ৰকাণ্ড নাহৰফুটুকীটোৰ। এটা বন্ধ পিঞ্জৰাৰ ভিতৰৰ পৰা কিদৰে আৰু এটা বাঘ ওলাই গল তাৰ প্ৰকৃত কাৰণ উলিয়াবলৈ সক্ষম হোৱা নাই অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই ।