নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ ৰাজ্যিক বিজেপিত সংঘটিত অন্তঃকন্দল, খোৱাকামোৰাই দলটোক বিপৰ্যস্ত কৰি অহাৰ সময়তে বিজেপিক অস্বস্তিত পেলাই বঙাইগাঁৱৰ অভয়াপুৰী পৌৰসভাৰ পৌৰপতিয়ে পদত্যাগ কৰাৰ বিষয়ে জানিব পৰা গৈছে। জানিব পৰামতে বিজেপি আৰু এজিপিৰ ৭গৰাকীকৈ নিৰ্বাচিত ৱাৰ্ড কমিচনাৰে পৌৰপতিৰ অনাস্থা বিচাৰি পত্ৰ দাখিল কৰিছে। উপ-পৌৰপতি জোনমনি পাঠক ৰাভাক দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ পত্ৰ পোৱাৰ ১৫ দিনৰ ভিতৰত বিশেষ সভাৰ দ্বাৰা সভা আয়োজন কৰি অনাস্থা সম্পৰ্কে স্থিতি স্পষ্ট কৰিবলৈ আহবান জনায়। ইয়াৰ পাছতে আজি পৌৰপতিয়ে পদত্যাগ কৰাত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে। পদত্যাগ পত্ৰ দাখিল কৰি পৌৰপতিয়ে কয় যে ৰাইজে কাম কৰিবলৈ নিৰ্বাচিত কৰিছে ৷ যুঁজ -বাগৰ কৰিবলৈ অহা নাই বাবে পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে পৌৰপতিয়ে । বিগত কেইমাহমানৰ পূৰ্বেও উক্ত ৱাৰ্ড কমিচনাৰকেইজনে পৌৰপতিৰ বিৰুদ্ধে আনিছিল অনাস্থা।
প্ৰেৰক অপূৰ্ব কুমাৰ দাস