নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুৰি ম’বাইল বিক্ৰীৰে জড়িতক বিচাৰি ধুবুৰীত আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ চুৰি কৰা মবাইল চেট বিক্ৰীৰ সৈতে জড়িত এটি চক্ৰৰ সন্ধানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত অসম আৰক্ষীৰ এক বিশেষ অভিযান আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গুৱাহাটী আৰক্ষীৰ এটি দলে ধুবুৰী আৰক্ষীৰ সহযোগত চলাইছে সেই অভিযান। ইতিমধ্যে কেইবাটাও চুৰি কৰা মবাইল উদ্ধাৰ কৰাৰ ল’গতে চুৰি মবাইল বিক্ৰীৰ সৈতে জড়িত চক্ৰটোৰ কেইবাগৰাকীক আটক কৰি সোধাপোচা চলাই আছে গুৱাহাটী আৰু ধুবুৰী আৰক্ষীৰ সেই যৌথ দলটোৱে। অৱশ্যে তদন্তৰ খাতিৰত বৰ্তমানলৈ আনুষ্ঠানিকভাৱে একো জনোৱা নাই আৰক্ষীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like