নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবিনেট মর্যাদাৰ পৰা পদত্যাগ জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ

বিশেষ বার্তা, ১৮ আগষ্টঃ মধ্য অসমত বিজেপি দলৰ উত্থানত সক্রিয় ভূমিকা গ্রহণ কৰি অহা নগাঁও লোকসভা সমষ্টিৰ চাৰিটা কার্যকালৰ সাংসদ হিচাপে নির্বাচিত হোৱা প্রাক্তন কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহাঁই আজি অসম চৰকাৰে তেওঁক প্রদান কৰা কেবিনেট মর্যাদাৰ পৰা পদত্যাগ কৰে৷ আজি গুৱাহাটীত মুখ্যমন্ত্রীৰ ব্যক্তিগত সচিব প্রশান্ত কাঠকটীয়াৰ হাতত পদত্যাগ পত্র অর্পণ কৰে৷ পদত্যাগৰ পিছতেই ৰাজেন গোহাঁইৰ স্পষ্ট অভিযোগ– মুখ্যমন্ত্রীয়ে মোক দিয়া প্রতিশ্রুতি নাৰাখিলে৷ উল্লেখ্য যে শেহতীয়াকৈ সম্পন্ন হোৱা সমষ্টি পুনৰ নির্ধাৰণত নগাঁও লোকসভা সমষ্টিত অন্তর্গত হোৱা বিধানসভা সমষ্টিক লৈ তীব্র আপত্তি তুলিছিল ৰাজেন গোহাঁয়ে৷ কার্যতঃ এই আপত্তিক লৈয়ে কেবিনেট মর্যাদাৰ পৰা পদত্যাগ কৰা ৰাজেন গোহাঁয়ে আজি ক্ষোভেৰে কয় যে নগাঁও সমষ্টিটোক কিয় বদৰুদ্দিন আজমলৰ হাতত তুলি দিয়া হ’ল? মুখ্যমন্ত্রীয়ে মোক সমষ্টিটো ৰক্ষা কৰাৰ প্রতিশ্রুতি দিছিল৷ মন কৰিবলগীয়া যে ২০১৯ চনৰ লোকসভা নির্বাচনত দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছত দলত গুৰুত্ব হ্রাস পাইছিল ৰাজেন গোহাঁইৰ৷ অৱশ্যে অসম চৰকাৰে কেবিনেট মর্যাদা প্রদান কৰি ৰাজেন গোহাঁইক অসম খাদ্য আৰু অসামৰিক যোগান তথা উপভোক্তা পৰিষদৰ অধ্যক্ষৰ পদত অধিষ্ঠিত কৰায়৷ কিন্তু ইয়াৰ পিছতো দলৰ বিভিন্ন কাম–কাজক লৈ অসন্তুষ্টি প্রকাশ কৰি অহা ৰাজেন গোহাঁয়ে শেহতীয়াকৈ আগন্তুক লোকসভা নির্বাচনত নগাঁও সমষ্টিৰ পৰা পুনৰ প্রতিদ্বন্দ্বিতাৰ যো–জা চলাইছিল৷ আজি পদত্যাগ পত্র দাখিলৰ পূর্বে নগাঁৱত সংবাদ মাধ্যমৰ আগত ৰাজেন গোহাঁয়ে ক্ষোভ উজাৰি কয়– অসমৰ ৰাইজ আৰু বিজেপিৰ ভৱিষ্যৎ কি হ’ব তাক লৈ মই চিন্তিত৷ সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে নগাঁও সমষ্টি আনৰ হাতত গতাই দিয়া হ’ল৷ মই পূর্বেই এইক্ষেত্রত আপত্তি দর্শাইছিলো৷ মুখ্যমন্ত্রীকো জনাইছিলো৷ তেওঁ মোক প্রতিশ্রুতি দিছিল, কিন্তু সেয়া নহ’ল৷ অসমীয়া আৰু হিন্দু ৰক্ষা কৰিব বুলি প্রতিশ্রুতি দিয়াৰ বিপৰীতে নগাঁও সমষ্টি আনক তুলি দিয়া হ’ল৷ উল্লেখ্য যে কেবিনেট মর্যাদাৰ পদত্যাগ কৰিলেও ৰাজেন গোহাঁয়ে আজি দল ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিয়ে৷

You might also like