নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংগালুৰুত উদ্যান এক্সপ্ৰেছত ভয়াৱহ অগ্নিকাণ্ড

বিশেষ বাৰ্তা, ১৯ আগষ্টঃ উদ্যান এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হৈছে। বেংগালুৰুৰ ক্ৰান্তিভেৰা সাংগোলি ৰায়ন্না (কে এছ আৰ) ৰেলৱে ষ্টেচনত আজি পুৱা উদ্যান এক্সপ্ৰেছ ৰেলত সংঘটিত হয় অগ্নিকাণ্ড। লগে লগে ঘটনাস্থলীলৈ অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন প্ৰেৰণ কৰি জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে। মুম্বাইৰ পৰা বাংগালুৰু ষ্টেচনলৈ আৰু কে এছ আৰ ৰেলৱে ষ্টেচনৰ মাজত চলি থকা এই ৰেলখনেই শেষ ষ্টপেজ। দক্ষিণ-পশ্চিম ৰে’লৱেৰ উদ্ধৃতিৰে সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি যাত্ৰীসকল ৰে’লৰ পৰা নামি অহাৰ দুঘণ্টাৰ পিছতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। এই দুৰ্ঘটনাত কোনো লোক হতাহতি বা আহত হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনী আৰু বিশেষজ্ঞসকলে পৰিস্থিতিৰ বুজ লৈছে। ৰে’ল বিভাগৰ বিষয়াসকলৰ মতে, মুম্বাইৰ ছত্রপতি শিৱাজী টাৰ্মিনাছৰ পৰা যাত্ৰা কৰা ১১৩০১ নম্বৰ উদ্যান এক্সপ্ৰেছ আজি পুৱা ৫.৪৫ বজাত বেংগালুৰুৰ কে এছ আৰ ৰে’লৱে ষ্টেচনত উপস্থিত হয়। প্ৰায় ৭.১০ বজাত ৰে’লৰ দবা বি-১ আৰু বি-২ৰ পৰা ধোঁৱা ওলোৱা দেখা যায়। লগে লগে অগ্নিনিৰ্বাপক বাহিনীক সতৰ্ক কৰি দিয়া হয়। তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। ৰেলখনত কি কাৰণত অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰেলৱেৰ বিষয়াসকলে। এই সপ্তাহত ৰেলখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ এইটো দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে বুধবাৰে (১৬ আগষ্ট) জামালপুৰ ৰে’ল ষ্টেচনত মুংগেৰৰ পৰা কিউললৈ খাৰুৱা তেল কঢ়িয়াই অনা এখন টেংকাৰত জুই লাগে। অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে সতৰ্কতাৰে সময়মতে জুই নিয়ন্ত্ৰণ কৰি কোনো বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই জুই ৰোধ কৰা হয়। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। জানিব পৰা মতে, স্পাৰ্কিঙৰ বাবে ৰে’লৰ টেংকাৰত জুই লাগিছে।

You might also like