বিশেষ বাৰ্তা, ১৯ আগষ্টঃ বিহাৰৰ আৰিয়াৰিয়া জিলাৰ প্ৰেমনগৰ গাঁৱত কালি গুলীয়াই হত্যা কৰে সাংবাদিক বিমল কুমাৰ যাদৱ (৩৫)ক। হত্যাকাণ্ডৰ লগত জড়িত চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অধিক তথ্য দিবলৈ জিলাখনৰ আৰক্ষী অধীক্ষকে আজি এখন সংবাদমেল অনুষ্ঠিত কৰিব। আৰিয়াৰিয়াত সাংবাদিকগৰাকীৰ হত্যাকাণ্ড সন্দৰ্ভত জেডিইউ নেতা নীৰজ কুমাৰে কয়, ‘২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। পৰিয়ালৰ লোকে প্ৰথমে সন্দেহযুক্ত লোকৰ নাম জনোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলায়। এই বিষয়ত পুংখানুপুংখ তদন্ত কৰা হৈছিল। তেওঁ কয়, চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা লোকসকলকো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰা উচিত। কালি বিহাৰ আৰক্ষীয়ে এটা টুইটযোগে কয় যে, “পুৱা প্ৰায় ৫.৩০ বজাত আক্ৰমণকাৰীয়ে যাদৱৰ ঘৰৰ দুৱাৰত টোকৰ মাৰে আৰু দুৱাৰ খুলি দিয়াৰ লগে লগে আক্ৰমণকাৰীয়ে গুলীচালনাকৰে। ফলত থিতাতে মৃত্যু হয় যাদৱৰ। তথ্য লাভ কৰাৰ লগে লগে জিলা আৰক্ষী অধীক্ষক আৰু সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তাত উপস্থিত হয়। আৰয়াৰিয়াৰ আৰক্ষী অধীক্ষক অশোক কুমাৰ সিঙে কয়, ‘মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্ত চলি আছে। ফৰেনছিক বিশেষজ্ঞ আৰু স্নিফাৰ ডগক মাতি অনা হৈছে। কোৱা হয় যে বিমলৰ ওচৰ-চুবুৰীয়াৰ লগত পুৰণি বিবাদ আছিল। সকলো দিশৰ পৰা তদন্ত চলি আছে। সাংবাদিকসকলে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে, ‘মই সঁচাকৈয়ে দুখী আৰু মই তৎক্ষণাত সংশ্লিষ্ট কৰ্তৃপক্ষক এই কাণ্ডৰ তদন্ত কৰিবলৈ কৈছো।’ বিজেপিৰ বিহাৰ প্ৰদেশৰ সভাপতি সম্ৰাট চৌধুৰীয়ে কয়, ‘বিহাৰত নিৰীহ নাগৰিক, সাংবাদিক আনকি আৰক্ষীকো হত্যা কৰা হৈছে যদিও অপৰাধীয়ে মুক্তভাৱে ঘূৰি ফুৰিছে।’ বিজেপি নেতাগৰাকীয়ে কয়, আৰাৰিয়াত কি হ’ল। সেয়া সঁচাকৈয়ে দুখৰ কথা। কিন্তু মুখ্যমন্ত্রী নীতিশ কুমাৰ আৰু আৰজেডিৰ মুৰব্বী লালু প্রসাদৰ নেতৃত্বত ‘ঘামণ্ডিয়া’ৰ বৃহৎ মিত্রজোঁটে ৰাজ্যত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা এনে ঘটনা সাধাৰণ হৈ পৰিছে৷ বিজেপি নেতৃত্বাধীন এন ডি এৰ সৈতে মিত্ৰতা কৰা লোক জনশক্তি পাৰ্টীৰ প্ৰাক্তন সভাপতি চিৰাগ পাছোৱানে কয়, ‘নীতিশ কুমাৰ আৰু তেওঁৰ মিত্ৰসকলে বিহাৰত গণতন্ত্ৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলি চিঞৰি থাকে। কিন্তু চতুৰ্থ স্তম্ভটোক ৰক্ষা কৰিবলৈ অক্ষম।