নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : বঙাইগাঁও জিলাৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে শিক্ষকসকলৰ নিজস্ব মঞ্চ ‘ৰংগমঞ্চ’ বঙাইগাঁৱে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষকসকলৰ মাজত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। আজি তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী দেশপ্ৰেমমূলক দলীয় নৃত্য আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰে ‘ৰংগমঞ্চ’ৰ মূল কাৰ্যসূচীৰ সফল সামৰণি পৰে। বিগত ৫ আগষ্টত অনুষ্ঠিত হোৱা এই প্রতিযোগিতাৰ প্ৰথম দিনাৰ কাৰ্যসূচী কুইজ প্ৰতিযোগিতাখনি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনে। প্ৰথম দিনাৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা সৰ্বমুঠ ৪৮টা দলে অংশগ্ৰহণ কৰে। ১২ আগষ্টত অনুষ্ঠিত দ্বিতীয় কাৰ্যসূচী অনুসৰি পুৱা দহ বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰম্ভ হয়। কবি সমীৰ তাঁতীৰ ‘মোৰ প্ৰতিটো দিন আৰু ৰাতিৰ আৰম্ভণি’ শীৰ্ষক কবিতাটো ৬৫গৰাকীতকৈ অধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে আবৃত্তি কৰি অনুষ্ঠানটো মনোগ্ৰাহী কৰি তোলে। অনুষ্ঠানটোত অসমৰ কাব্য জগতৰ পৰিচিত নজন কবি ক্ৰমে ধ্ৰুৱ কুমাৰ তালুকদাৰ, ড৹ হিল্লোলজ্যোতি সিংহ, মনহৰি বায়ন, প্রতীম বৰুৱা, যুগজ্যোতি দাস, খঞ্জনা শর্মা, ধীমান বর্মন, দিগন্ত নিবিড় আৰু অভিজিৎ তালুকদাৰে কবিতা পাঠ কৰে। সেইদিনাই দিনৰ দুই বজাত দ্বিতীয় দিনৰ আকৰ্ষণীয় অনুষ্ঠান নৃত্য প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। মুঠ চাৰিটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত ৬৫জনৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আজি অনুষ্ঠিত অন্তিম দিনৰ কাৰ্যসূচীৰ দেশপ্ৰেমমূলক দলীয় নৃত্যত অৰ্ধশতাধিক আৰু আকস্মিক বক্তৃতাত ৪০ৰ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।।
প্ৰেৰক বিপুল কুমাৰ দাস