নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’বাইল চোৰ চক্ৰৰ সন্ধানত ধুবুৰীত আৰক্ষীৰ অভিযান

🔹 ধুবুৰী আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীৰ অভিযানত আটক ৪

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : নতুন ম’বাইল ক্ৰয় কৰোঁতে সাৱধান। ৰাজ্যত সক্ৰিয় হৈ পৰিছে চুৰি কৰা নতুন ম’বাইল বিক্ৰী কৰাৰ সৈতে জড়িত এটি চক্ৰ। সম্প্ৰতি এনে এক চক্ৰৰ সন্ধানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত চলা আৰক্ষীৰ এক বিশেষ অভিযানে উন্মোচিত কৰিছে এই চাঞ্চল্যকৰ দিশ। জানিব পৰা মতে, গুৱাহাটী আৰক্ষীৰ এটি দলে ধুবুৰী আৰক্ষীৰ সহযোগত অভিযান চলাই সেই চক্ৰটোৰ সৈতে জড়িত চাৰিগৰাকীকৈ যুৱকক ইতিমধ্যে আটক কৰাৰ বিপৰীতে উদ্ধাৰ কৰিছে চুৰি হোৱা ১০টাতকৈও অধিক নতুন ম’বাইল। অৱশ্যে তদন্তৰ খাতিৰত বৰ্তমানলৈ আনুষ্ঠানিকভাৱে একো নজনালেও ৰাজ্যত সক্ৰিয় হৈ পৰিছে চুৰি কৰা নতুন ম’বাইল বিক্ৰী কৰাৰ সৈতে জড়িত এটি চক্ৰ। আনুষ্ঠানিকভাৱে একো নজনালেও ধুবুৰী চহৰৰ মাজমজিয়াৰ হৰিসভাৰ সমীপৰ দুখনকৈ ম’বাইলৰ দোকানত আৰক্ষীৰ অভিযান চলা বুলি প্ৰকাশ। সন্দেহ অনুসৰি, চুৰি ম’বাইল বিক্ৰীৰ সৈতে জড়িত চক্ৰটোৱে ধুবুৰীৰ সেই দোকান দুখনৰ জৰিয়তে বিক্ৰী কৰিছিল মোবাইলসমূহ। শেহতীয়া তথ্য মতে, ধৃত সেই চাৰি যুৱকসহ উদ্ধাৰ হোৱা মোবাইলকেইটা লৈ গুৱাহাটীলৈ উভতি গৈছে আৰক্ষীৰ দলটো।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like