নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এআইএছএফ জোৱানৰ পৰকীয়া প্ৰেমত লজ্জানত ঘোঁৰামৰা আৰক্ষী

🔹 চাহ খাবলৈ গৈ বিবাহিত মহিলাৰ প্ৰেমত পৰিল মিণ্টু বৰা
নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : লাহোৱাল থানাৰ অন্তৰ্গত ঘোঁৰামৰা আৰক্ষী চকীত কৰ্মৰত এজন এ আই এছ এফ জোৱানৰ চৰিত্ৰই কলংকিত কৰিছে ঘোঁৰামৰা আৰক্ষী চকীক ৷ প্ৰাপ্ত খবৰ অনুসৰি, নগাঁও জিলাৰ মিন্টু বৰা নামৰ এ আই এছ এফ নামৰ জোৱানজনে  চাৰি মাহ পূৰ্বে ঘোঁৰামৰা আৰক্ষী চকীত যোগদান কৰিছিল ৷ ঘোঁৰামৰা আৰক্ষী চকীত যোগদান কৰাৰ পিছৰে পৰা নিতৌ এগৰাকী বিবাহিত মহিলাৰ চাহৰ হোটেলত চাহ খাবলৈ সঘনাই আহ-যাহ কৰিয়েই বিবাহিত মহিলাগৰাকীৰ প্ৰেমত পৰি পাৰ্কে-ৰেষ্টুৰেণ্টে মাজনিশালৈকে ঘূৰি ফূৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ উপৰি শেহতীয়াকৈ বিবাহিত মহিলাগৰাকীৰ স’তে জোৱানজনৰ কেইবাখনো গোপন অভিসাৰত লিপ্ত থকাৰ ফটো স্থানীয় ৰাইজৰ মোবাইলে মোবাইলে বিয়পি পৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে নিজ স্বামীক এৰি চাহৰ দোকান দিয়াৰ অচিলাৰে মহিলাগৰাকীয়ে দীৰ্ঘদিনৰ পৰা বিভিন্ন পৰপুৰুষক প্ৰেমত পেলাই ভিন্নজনৰ লগত  শাৰীৰিক সম্পৰ্ক স্থাপন কৰি অহাৰ উপৰি মুনাফা আদায় কৰা বুলিও একাংশ স্থানীয় লোকে অভিযোগ আনিছে ৷ ইফালে, প্ৰেমিকৰূপী এ আই এছ এফ জোৱান মিন্টু বৰায়ো পূৰ্বতে ডিব্ৰুগড় আৰক্ষী ছাউনীৰ কলনীত আন এগৰাকী পৰস্ত্ৰীৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰা বুলি এক আৰক্ষী সূত্ৰই সদৰী কৰিছে ৷ তাৎপৰ্যপূৰ্ণ কথা যে ভাইৰেল হোৱা ফটোখিনি ৰাজহুৱা নকৰিবলৈ মিন্টু বৰাই ডিব্ৰুগড়ৰ এজন  অজ্ঞাত লোকক ১ লাখ টকা অফাৰ দিয়া বুলিও আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে ৷ যি সময়ত অসম আৰক্ষীক বাৰে বাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধানে  জনহিতৰ বাবে নিয়াৰিকৈ কাম কৰি সামাজিক শান্তি-শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিবলৈ আহ্বান জনাই আহিছে তেনে সময়তে কিন্তু কৰ্মলৈ পিঠি দি মিন্টু বৰাৰ দৰে একাংশ চৰিত্ৰহীন আৰক্ষী জোৱানে পৰস্ত্ৰীৰে অবৈধ সম্পৰ্ক স্থাপন কৰাৰ কথা পোহৰলৈ আহিবলৈ ধৰা ঘটনাই অসম আৰক্ষীক লজ্জানত কৰিছে। সেয়ে মিন্টু বৰা নামৰ জোৱানজনৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ জিলা আৰক্ষী অধীক্ষকক স্থানীয় ৰাইজে দাবী জনাইছে ৷ হাস্যকৰ কথা এয়ে যে ভাইৰেল হোৱা ফটোখন সন্দৰ্ভত সাংবাদিকে ফোনযোগে সোধাত মিন্টু বৰাই কয়- মই মহিলাগৰাকীৰ দোকানত চাহ খাবলৈ যাওঁ যদিও মহিলাগৰাকীৰ লগত মোৰ কোনোধৰণৰ সম্পৰ্ক নাই ৷ মহিলাগৰাকীৰ স’তে থকা সম্পৰ্কৰ কথা মিন্টু বৰাই অস্বীকাৰ কৰিলেও কিন্তু বিনোদনস্থলীত মহিলাগৰাকীৰ স’তে অভিসাৰত লিপ্ত থকা ভাইৰেল ফটোখনতে প্ৰমাণ হয় যে মিন্টু বৰা নামৰ জোৱানজনে মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৷ তদুপৰি সাংবাদিকে মিন্টু বৰাক সুধিছিল যে ঘোঁৰামৰাৰ এগৰাকী বিবাহিত মহিলাৰ লগত আপোনাৰ এখন ফটো ভাইৰেল হৈছে, মহিলাগৰাকীৰ লগত আপোনাৰ সম্পৰ্ক কি বাৰু ? এই প্ৰশ্নত কিন্তু কোনো মহিলাৰ নাম বা চাহৰ দোকানীগৰাকীৰ নাম সাংবাদিকে উল্লেখ কৰা নাছিল ৷ যদি ভাইৰেল হোৱা ফটোখন সন্দৰ্ভত মিন্টু বৰাই একো নাজানেই, লগতে মহিলাগৰাকীৰ লগত একো সম্পৰ্ক নায়ে, তেন্তে সেই বিশেষ মহিলাগৰাকীৰ কথাই মিন্টু বৰাই কিয় উল্লেখ কৰিব লাগে ? সেয়াও কিন্তু মন কৰিবলগীয়া বিষয় বুলিয়েই স্থানীয় ৰাইজে ক’ব খুজিছে । ইফালে, জোৱানজনৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে আজি লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জোৱানজনক লাহোৱাল থানালৈ তলব কৰিছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে ৷

প্ৰেৰক কাঞ্চন জ্যোতি গোহাঁই

You might also like