🔹 বিধায়ক অখিল গগৈৰ ভূমিকাক ৰাইজৰ তীব্ৰ সমালোচনা
নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : শিৱসাগৰ চহৰৰ গাতে লাগি থকা ঐতিহাসিক আমগুৰি ঘাট গাঁৱৰ মাজেদি পাৰ হৈ যোৱা চহৰ সংযোগী অতি ব্যস্ততম জৰাজীৰ্ণ একমাত্ৰ পথটো অৱশেষত ৰাইজৰ দান-বৰঙণিৰে পুনৰ নিৰ্মাণত নামি পৰিল অঞ্চলটোৰ দুখন গাঁৱৰ ৰাইজ ৷ দুচকীয়া-চাৰিচকীয়া যান-বাহন বাদেই, গৰু-ছাগলীও যাব নোৱাৰা অৱস্থা হোৱা পথটো অৱশেষত ৰাইজৰ দিনজোৰা শ্ৰম আৰু প্ৰশিক্ষিত এটা শ্ৰমিকৰ দলৰ সহায়ত মেৰামতি কৰিবলৈ সক্ষম হল ৷ উল্লেখ্য যে, শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা চহৰৰ একেবাৰে গাতে লাগি থকা দিখৌ দলং সংযোগী পথটো স্বাধীনতাৰ সুদীৰ্ঘ ৭২টা বছৰৰ পিছত ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ অন্তত অ’ এন জি চিৰ অৰ্থসাহায্যৰে পকীপথলৈ ৰূপান্তৰ কৰা হৈছিল ৷ চূড়ান্ত অনিয়ম আৰু অবিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা পথটো নিৰ্মাণৰ এবছৰৰ পিছতেই ভাঙি সম্পুৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ৷ স্থানীয় ৰাইজে বাৰম্বাৰ লোকনিৰ্মাণ বিভাগৰ লগতে স্থানীয় বিধায়ক অখিল গগৈক এই জৰাজীৰ্ণ পথছোৱা মেৰামতিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছিল ৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে বিধায়কগৰাকীয়ে অতি ব্যস্ততম তথা শিৱসাগৰ চহৰলৈ অৰ্ধশতাধিক গাঁৱৰ ৰাইজে নিয়মিত অহা-যোৱা কৰা পথটো কিন্তু মেৰামতি কৰাৰ আহৰি নাপালে ৷ বিদ্যালয়-মহাবিদ্যালয়, অফিচ- কাছাৰীলৈ নিয়মিত অহা-যোৱা কৰা পথটোৰ শেহতীয়া দুৰৱস্থাই ৰাইজক বাৰুকৈয়ে দুৰ্ভোগ ভোগাই আহিছে ৷ যাৰ বাবে বিধায়ক অখিল গগৈৰ গা এৰা দিয়া ভূমিকা আৰু প্ৰশাসনৰ চকু মুদা স্থিতিৰ বাবেই অৱশেষত ৰাইজে নিজেই নামিল পথ মেৰামতি আৰু নিৰ্মাণত ৷ বিশেষকৈ যি কোনো সামাজিক কৰ্মৰাজিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা আমগুৰি ঘাট প্ৰগতিশীল যুৱ সমাজৰ উদ্যোগত স্থানীয় ৰাইজ আৰু আমগুৰি গাঁৱৰ যুৱ জামাত, অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ সহযোগত আজি সদলবলে পথ পুনৰ নিৰ্মাণৰ শ্ৰমদান কাৰ্য্যসূচীত ৰাইজ জঁপিয়াই পৰে ৷ নিয়মিত সেই সংযোগী উপ-পথটোৰে অহা-যোৱা কৰা বাটৰুৱাসকলে মুক্ত হস্তে আগবঢ়োৱা বৰঙণিৰে এটা প্ৰশিক্ষিত শ্ৰমিকৰ দল আৰু এটা ঢালাই মেচিনেৰে পুৱা সাত বজাৰ পৰা যুদ্ধকালীন তৎপৰতাৰে ৰাইজ নামি পৰে কংক্ৰিটৰ ঢালাইৰে পথ নিৰ্মাণ কৰাত ৷ শিল, বালি, চিমেন্টৰ সংমিশ্ৰণেৰে আমগুৰি চাৰিআলিৰ পৰা সম্পূৰ্ণ ঢালাইৰে ভগ্ন অংশ মেৰামতি অব্যাহত ৰখা ৰাইজৰ সমূহীয়া শ্ৰমদান আৰু প্ৰশিক্ষিত শ্ৰমিক দলৰ প্ৰচেষ্টাত এই বাতৰি যুগুত কৰালৈকে প্ৰায় আঠশ মিটাৰ দৈঘ্যৰ পথটোৰ সত্তৰ শতাংশ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে ৷ সাধাৰণ মাছ বিক্ৰেতাৰ পৰা শিশু ছাত্ৰলৈকে মুক্তহস্তে আগবঢ়োৱা আৰ্থিক বৰঙণিৰে চলোৱা এই বৃহত শ্ৰমদান কাৰ্য্যসূচীত কৃষি বিভাগৰ বিষয়া জেহিৰুতদ্দিন আহমেদ, শিক্ষক নিয়াজউদ্দিন আহমেদ, আখতাৰ হুছেইন, তাজউদ্দিন আহমেদ, স্থানীয় গাঁওপ্ৰধান জালালউদ্দিন আহমেদ, আমগুৰি বৰ মছজিদ পৰিচালনা সমিতিৰ সম্পাদক মোকাদ্দিছ আহমেদ, বিশিষ্ট সমাজকৰ্মী তথা অ’ এন জি চিৰ অৱসৰী বিষয়া আব্দুল লটিফ ( নিটুল), বিশিষ্ট নাট্যকাৰ মুকিবুৰ ৰহমান, ই-ৰিস্কা সন্থাৰ সভাপিত আৱিদুৰ ৰহমান, যুৱ সমাজকৰ্মী মুক্তাৱ হুছেইন, মিৰেল আহমেদ, জন্টী আহমেদ, গুলু আহমেদ, বাবলু আহমেদ, সাংবাদিক জামালউদ্দিন আহমেদ, মিনহাজ আহমেদ, মেটেকাৰ সমাজকৰ্মী ত্ৰিদিব বৰুৱাৰ লগতে বহু গণ্যমান্য বিশিষ্ট ব্যক্তিয়ে হাতে হাতে কোৰ-বেলচা লৈ শ্ৰমদানেৰে পথ মেৰামতি কৰে ৷ স্থানীয় ৰাইজে বিধায়ক অখিল গগৈৰ ভূমিকাক অতি কঠোৰভাৱে সমালোচনা কৰাৰ লগতে আগন্তুক দিনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ বেলটত দিয়া হ’ব বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান