অনির্দিষ্টকাললৈ বন্ধ অমৰনাথ যাত্রা
বিশেষ বাৰ্তা, ২০ আগষ্ট : প্রবল প্রাকৃতিক দুর্যোগৰ ফলত বিধ্বস্ত হৈ পৰিছে পথ৷ অনন্তনাগ জিলাৰ পেহেলগাম আৰু গণ্ডাৰবল জিলাৰ বলতালৰ পথেৰে অমৰনাথলৈ যাত্রা কৰা সম্ভৱ নহয়৷ এনে পৰিস্থিতিত আগন্তুক ২৩ আগষ্টৰ পৰা এই পথেৰে অনির্দিষ্টকালৰ বাবে অমৰনাথ যাত্রা বন্ধ থাকিব৷ চলিত বর্ষৰ পহিলা জুলাইৰ পৰা আৰম্ভ হৈছিল এইবাৰৰ অমৰনাথ যাত্রা৷ ৬২ দিনৰ দীর্ঘ এই যাত্রা আগন্তুক ৩১ আগষ্টত শেষ হোৱাৰ কথা৷ কিন্তু প্রাকৃতিক দুর্যোগৰ বাবে বাৰে বাৰে বন্ধ ৰাখিবলগীয়া হৈছে অমৰনাথ যাত্রা৷ উল্লেখনীয় যে এই যাত্রাত অংশ লৈ বহু ভক্তই এইবাৰ সমস্যাৰো সন্মুখীন হ’ব লগা হৈছে৷ মুষলধাৰ বৃষ্টিপাত আৰু ভূমিস্খলনৰ বাবে সংকটৰ সন্মুখীন হৈছে পুণ্যার্থীসকল৷