অত্যধিক গতিয়ে কাল হ’ল ৰাছিয়াৰ মহাকাশ যানৰ
🔹 ভাৰতৰ মহাকাশ যানৰ পূর্বে চন্দ্রত অৱতৰণৰ লক্ষ্য লৈছিল লুনা–২৫এ
বিশেষ বাৰ্তা, ২১ আগষ্ট : ইতিহাস সৃষ্টি কৰিব নোৱাৰিলে ৰাছিয়াই৷ ৪৭ বছৰ পিছত চন্দ্র অভিযান আৰম্ভ কৰিছিল ভ্লাডিমিৰ পুটিনৰ দেশে৷ কিন্তু চন্দ্রপৃষ্ঠত ভাগি পৰিল ৰুছ মহাকাশ যান ‘লুনা–২৫’৷ ৰুছ মহাকাশ গৱেষণা সংস্থা ৰছকছমছৰ তৰফৰ পৰা এই খবৰ প্রকাশ কৰা হৈছে৷ আজি চন্দ্রপৃষ্ঠত অৱতৰণ কৰাৰ কথা আছিল ৰাছিয়াৰ যানখনে৷ কিন্তু সেই স্বপ্ণ পূৰণ নহ’ল৷ চন্দ্রৰ দক্ষিণ মেৰুত ৰুছ মহাকাশ যানৰ সফল অৱতৰণ হোৱা হ’লে মহাকাশ গৱেষণাৰ ইতিহাসত নতুন অধ্যায়ৰ সংযোজন ঘটিলহেঁতেন৷ কাৰণ দক্ষিণ মেৰুত ইয়াৰ পূর্বে কোনো দেশৰ মহাকাশ যানৰ সফল অৱতৰণ হোৱা নাই৷ অৱতৰণৰ দুদিন পূৰ্বেই ৰুছ মহাকাশ যানৰ অৱতৰণক লৈ সৃষ্টি হৈছিল সংশয়৷ আৰু এটা পর্যায় অতিক্রম কৰিলেই মহাকাশ যানখনে চন্দ্রৰ আটাইতকৈ কাষৰ কক্ষপথত উপস্থিত হ’লহেঁতেন৷ কিন্তু তাৰ পূর্বেই ঘটিল বিপত্তি৷ সর্বশেষত কক্ষপথত নমাৰ পূর্বেই ‘জৰুৰী পৰিস্থিতি’ৰ মুখামুখি হ’বলগা হয় ‘লুনা–২৫’৷ ইয়াৰ ফলত নির্দিষ্ট পৰিমাপ আৰু পৰিকল্পনা অনুযায়ী ‘লুনা–২৫’ কক্ষপথত উপস্থিত হ’ব নোৱাৰিলে৷ অত্যধিক গতিৰ বাবেই চন্দ্রপৃষ্ঠত ‘লুনা–২৫’ ভাগি পৰা বুলি ধাৰণা কৰা হৈছে৷ ৪৭ বছৰ পাছত চন্দ্র অভিযানত অংশগ্রহণ কৰা ৰাছিয়াৰ এই প্রচেষ্টা ব্যর্থ হোৱাৰ পিছত এতিয়া বিশ্ববাসীৰ নজৰ ভাৰতৰ মহাকাশ ‘চন্দ্রযান–৩’ৰ ওপৰত৷ উল্লেখনীয় যে ১০ আগষ্টত চন্দ্র অভিমুখে যাত্রা আৰম্ভ কৰিছিল ‘লুনা–২৫’–এ৷ ভাৰততকৈ পূর্বে ভ্লাডিমিৰ পুটিনৰ দেশৰ মহাকাশ যানে চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব বুলি মহাকাশ বিজ্ঞানীসকলে ধাৰণা কৰিছিল৷ কিন্তু সেই লক্ষ্য ব্যর্থ হৈছে ৰাছিয়াৰ৷ ১৩ বছৰ পূর্বে ৰাছিয়াৰ ‘লুনা–২৫’ৰ অভিযানক লৈ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ ইয়াৰ পিছত এই ‘লুনা–২৫’ প্রকল্পৰ বাবে ক্রেমলিনৰ কোষাগাৰৰ পৰা কোটি কোটি ৰুবল (ৰাছিয়াৰ মুদ্রা) খৰচ কৰা হৈছে৷ কিন্তু এই ১৩ বছৰীয়া সাধনা ব্যর্থ হয় চন্দ্রৰ বুকুতে৷ ১৯৭৬ চনত অন্তিমবাৰ চন্দ্র অভিযান চলাইছিল ৰাছিয়াই৷ ‘লুনা–২৪’–এ চন্দ্রপৃষ্ঠত অৱতৰণ কৰি চন্দ্রৰ মাটিৰ নমুনা সংগ্রহ কৰি আনিছিল৷ কিন্তু সেয়া আছিল ছোভিয়েট ইউনিয়নৰ কৃতিত্ব৷ ভ্লাডিমিৰ পুটিনৰ ৰাছিয়াই প্রথম চন্দ্র অভিযান চলায় চলিত মাহত৷ ১৩ বছৰ ধৰি প্রস্তুতি চলাই ‘লুনা–২৫’ চন্দ্রৰ দক্ষিণ মেৰুলৈ প্রেৰণ কৰে যদিও সেয়া বিফল হয়৷ উল্লেখনীয় যে ‘লুনা–২৫’ৰ চন্দ্রাভিযানত ৰাছিয়াৰ ১৭ হাজাৰ কোটি টকা খৰচ হৈছিল৷ মহাকাশ অভিযানত বিভিন্ন সময়ত আমেৰিকাকো অতিক্রম কৰা ছোভিয়েট ইউনিয়নৰ সেই গর্ব পুটিনৰ ৰাছিয়াই ৰক্ষা কৰিব নোৱাৰিলে বুলি বিভিন্ন মহলে উল্লেখ কৰিছে৷ বিশেষজ্ঞসকলৰ মতে, যান্ত্রিক বিজুতি আৰু অত্যধিক গতিয়ে ‘লুনা–২৫’ক চন্দ্রপৃষ্ঠত ব্যর্থ হ’বলৈ বাধ্য কৰালে৷