🔹 যোৰহাটত সাহিত্য অকাডেমিৰ মনোজ্ঞ আলোচনা-চক্রত দিগন্ত বিশ্ব শর্মা
বিশেষ বার্তা, ২০ আগষ্ট : ‘ঊনবিংশ শতিকাৰ পৰাই অসমত নতুন সাহিত্যৰ জন্ম হৈছে৷ সেয়া হৈছে নাৰীয়ে নিজৰ কথা ক’ব পৰা আৰু লিখিব পৰা৷ ইয়াৰ আগলৈকে পুৰুষে নাৰীৰ কথা কৈছিল৷ নাৰীৰ দৈহিক বর্ণনা দিছিল, নাৰীৰ মনোজগতৰ বর্ণনা দিছিল৷’ –এই মন্তব্য অসম সাহিত্য অকাডেমিৰ অসমীয়া উপদেষ্টা পৰিষদৰ সদস্য তথ্য বিশিষ্ট লেখিকা অনুৰাধা শর্মা পূজাৰীৰ৷ সাহিত্য অকাডেমিৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আয়োজিত ‘অসমীয়া মহিলা ঔপ্যানাসিকৰ উপন্যাসত নাৰী মনলোকনৰ প্রতিফলন’ শীর্ষক আলোচনা–চক্রত বিশিষ্ট লেখিকাগৰাকীয়ে লগতে কয় যে যেতিয়া নাৰীয়ে নিজৰ কথা ক’বলৈ আৰম্ভ কৰিলে আৰু মুক্তভাৱে ক’বলৈ ল’লে, সেয়া হৈছে ইন্দ্রীয়ৰ পৰা অতিন্দ্রীয়লৈ এটা যাত্রা৷ এই যাত্রাই হৈছে সাহিত্যৰ যাত্রা৷ নাৰীয়ে নিজাকৈ লিখা সাহিত্যৰ যাত্রা৷ অনুষ্ঠানৰ মুখ্য অতিথিৰ ভাষণত অসম সাহিত্য সভাৰ সভাপতি সূর্যকান্ত হাজৰিকাই কয় যে ভাৰতবর্ষৰ দুখন ঠাইৰ পৰা নাৰীবাদৰ অধিকাৰৰ সপক্ষে আন্দোলন আৰম্ভ হৈছিল৷ পুনেৰ মহাৰাষ্ট্রৰ দলিত নেতা মহাত্মা জ্যোতিবা ফুলেৰ পত্নী সাৱিত্রীবাহ ফুলে আৰু তেওঁৰ সহযোগী মুছলিম নাৰী ফাতিমা শ্বেখে অত্যন্ত সাহসেৰে উচ্চ বর্ণ পুৰুষতান্ত্রিক আধিপত্য আৰু বাধা–বিঘিনি নেওচি নাৰী শিক্ষাৰ প্রসাৰত ভাগ লৈছিল৷ ইয়াৰ সমান্তৰালভাৱে কলিকতা মহানগৰক কেন্দ্র কৰি বিপুল নাৰী জাগৰণ আৰম্ভ হোৱা বুলি মন্তব্য কৰে৷ তেওঁ ভাষণত উল্লেখ কৰে যে অসমত নাৰীসকলৰ অধিকাৰৰ বাবে সৰৱ হোৱা প্রথমগৰাকী নাৰী সেই সময়ত কলকাতাত থকা স্বর্ণলতা বৰুৱা৷ কুৰি শতিকাৰ প্রথমভাগত অসমত কেইবাগৰাকী অত্যন্ত শক্তিশালী নাৰী লেখকৰ উত্থান ঘটা বুলি মন্তব্য কৰি তেওঁ এইসকলৰ ভিতৰত চন্দ্রপ্রভা শইকীয়ানী, নলিনীবালা দেৱীৰ প্রসংগ উল্লেখ কৰে৷ ইয়াৰ পূর্বে তেও ঊনৈশ শতিকাৰ দ্বিতীয়ার্ধত ১৮৮৪ চনত আনন্দৰাম ঢেকিয়াল ফুকনৰ কন্যা পদ্মাৱতী ফুকননীয়ে পোনপ্রথমবাৰৰ বাবে অসমীয়া নাৰী লেখক হিচাপে ‘সুধমাৰ উপাখ্যান’ নামৰ উপন্যাসখন লিখি উলিয়ায় বুলি কয়৷ গুণাভিৰাম বৰুৱাৰ পত্নী বিষুপ্রিয়া দেৱীয়ে ‘নীতিকথা’, স্বর্ণলতা বৰুৱাৰ ‘আর্হি তিৰোতা’, তিলোত্তমা মিশ্রৰ ‘স্বর্ণলতা’ উপন্যাসে নাৰীবাদক অধিক গতিশীল কৰা বুলি সাহিত্য সভাৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে৷ স্বাধীনতাৰ পিছত কেইবা দশকৰ ভিতৰত উত্থান ঘটা নাৰী লেখকৰ ভিতৰত স্নেহ দেৱী, নীলিমা শর্মা, নিৰুপমা বৰগোহাঁই, প্রবীণা শহকীয়া, অণিমা গুহ, মামণি ৰয়ছম গোস্বামী, ড০ অপর্ণা মহন্তৰ নাম উল্লেখ কৰে৷ উয়াৰ পৰৱর্তী সময়ত অনুৰাধা শর্মা পূজাৰী, অহল্যা গগৈ, জুৰি শইকীয়া, ৰীতা চৌধুৰী, মণিকুন্তলা ভট্টাচার্য, মৌচুমী কন্দলি, পূৰৱী বৰমুদৈ, গিতালী বৰা, জুৰি বৰা বৰগোহাঁই, কল্যাণী মহন্ত, কৰৱী ডেকা হাজৰিকা আদি ভালেকেইগৰাকী নাৰীবাদী লেখিকাৰ নাম উল্লেখ কৰাৰ লগতে তেওঁলোকৰ গ্রন্থসমূহে কিদৰে সমাজ জীৱনত নাৰীক প্রভাৱান্বিত কৰিছিল, সেই সন্দর্ভত বক্তৃতা আগবঢ়ায়৷ আলোচনা–চক্রত উপস্থিত থাকি পৰিচয়জ্ঞাপক ভাষণত সাহিত্য অকাডেমিৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শর্মাই কয় যে পাঠক অবিহনে কেতিয়াও সাহিত্যৰ সৃষ্টি হ’ব নোৱাৰে৷ সাহিত্যই আমাৰ জীৱনটো অন্তৰংগ নিবিড়ভাৱে সৌন্দর্যময় কৰি তোলে৷ তেওঁ বস্তুনিষ্ঠ আৰু আত্মনিষ্ঠতাৰ লগতে বাহ্য আৰু অন্তর্জগত সন্দর্ভত সাৱলীল মন্তব্যৰে নাৰীবাদ সম্পর্কত আলোকপাত কৰে৷ যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা–চক্রখনত আদৰণী ভাষণ দিয়ে সাহিত্য অকাডেমিৰ আঞ্চলিক সচিব দেৱেন্দ্র কুমাৰ দেৱেশে৷ অনুষ্ঠানত সাহিত্য অকাডেমিৰ মধুৰ চৌধুৰী উপস্থিত থাকে৷ পৰৱর্তী সময়ত জ্যোতিপ্রসাদ শহকীয়াৰ সঞ্চালনাত অনুষ্ঠিত প্রথম সত্রত মৌচুমী ৰেখা খাউণ্ড, নয়নজ্যোতি ভূঞা আৰু পল্লৱী ডেকাই গৱেষণা–পত্র পাঠ কৰে৷ দ্বিতীয় সত্র সঞ্চালনা কৰে ধ্রুৱজ্যোতি নাথে৷ উক্ত অনুষ্ঠানত গৱেষণা–পত্র পাঠ কৰে সংবাদিক শংকৰ কৌশিক বৰুৱাই৷