নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমীৰ ৰয়লৈ বিশেষ সন্মান হেঙুল থিয়েটাৰ-শ্ৰীৰঘুপতি পৰিয়ালৰ

বিশেষ বাৰ্তা, ২১ আগষ্ট : অসমীয়া চলচ্চিত্ৰৰ সৃষ্টিমূলক সজাগতা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ বিভিন্ন ঠাই, গাঁও-ভূঁই আদিত নিঃস্বাৰ্থভাৱে কাম কৰি অহা আৰু ২০২০ চনৰ পৰা অসমৰ প্ৰায় ১৬০ স্থানত ছয় হাজাৰতকৈও অধিক অৰ্কিড ৰোপণ কৰা যোৰহাটৰ যুৱ সমাজকৰ্মী, নীৰৱ সাংস্কৃতিক কৰ্মী সমীৰ ৰয়ক ভ্ৰাম্যমাণ নাট্যগোষ্ঠী হেঙুল থিয়েটাৰ আৰু অসমীয়া চলচ্চিত্ৰ শ্ৰীৰঘুপতি পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । মৰিয়নিৰ হেঙুল থিয়েটাৰৰ আখৰা মঞ্চত কালি অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত শ্ৰীৰঘুপতি পৰিয়ালৰ হৈ অভিনেতা ৰবি শৰ্মা আৰু হেঙুল থিয়েটাৰ কৰ্তৃপক্ষৰ হৈ প্ৰযোজক সংকল্পজিত হাজৰিকা আৰু পৰিকল্পক পংকজ হাজৰিকাই সমীৰ ৰয়ক সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, জনজাতীয় গামোচা, উপহাৰ, গছপুলি আদিৰে সম্বৰ্ধনা জনায় । হেঙুল থিয়েটাৰৰ আখৰা গৃহত সমূহ শিল্পী, কলাকুশলী, সংস্কৃতিপ্ৰেমী ৰাইজ উপস্থিত থকা এই অনুষ্ঠানত ৰবি শৰ্মাই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি কয়- সমীৰ ৰয়ে অসমীয়া চলচ্চিত্ৰ চাবলৈ অহা দৰ্শকক জৈৱ-বৈচিত্ৰ্যসম্পন্ন অৰ্কিড প্ৰদান কৰি এক মহৎ কৰ্ম কৰি আহিছে । প্ৰকৃতি আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এনেদৰেই নিঃস্বাৰ্থভাৱে সৃষ্টিমূলক যাত্ৰা অব্যাহত ৰাখিবলৈ সমীৰ ৰয়ৰ প্ৰতি জনপ্ৰিয় অভিনেতাজনে আহ্বান জনায় । তেওঁৰ এনে কৰ্মই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলিও আশা প্ৰকাশ কৰে l প্ৰসংগক্ৰমে তেওঁ কয়- বিভিন্ন সময়ত জাতীয়তাবাদৰ কথা কৈ ফুৰা লোকসকলে প্ৰকৃততে কথাহে কয়, কিন্তু কাম একো নকৰে- সমীৰ ৰয়ৰ দৰে যুৱকসকলেহে প্ৰকৃততে জাতীয়তাবাদ কৰি আহিছে । সম্বৰ্ধনা গ্ৰহণ কৰি সমীৰ ৰয়ে কয় যে কোনো আৰ্থিক সহায় নোলোৱাকৈ ২০১৭ চনৰ পৰা বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ সৃষ্টিমূলক সজাগতা প্ৰচাৰ আৰু প্ৰসাৰ কৰিলে যদিও এইবাৰেই প্ৰথম তেওঁক সন্মান জনোৱা হৈছে । তেওঁ হেঙুল থিয়েটাৰ কৰ্তৃপক্ষ আৰু শ্ৰীৰঘুপতি পৰিয়াললৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই সন্মানে তেওঁক অধিক উৎসাহিত কৰা বুলি মন্তব্য কৰে । সমীৰ ৰয়ে সম্পূৰ্ণ নিজাববীয়াকৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰৰ উপৰি শেহতীয়াকৈ বক্স অফিচত খলকনি তোলা শ্ৰীৰঘুপতিৰ মুক্তিৰ পূৰ্বৰে পৰা সজাগতামূলক প্ৰচাৰ চলাই আহিছিল ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like