নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ধুবুৰীৰ এখন সমবায় সমিতিৰ জীৱিত এগৰাকী অংশীদাৰক সমবায় সমিতিখনৰ নথিত মৃত ঘোষণা কৰা হোৱাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে। এনে নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে জিলাখনৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ গেৰামাৰী সমবায় সমিতিখন বিৰূদ্ধে। ম়ৃত ঘোষিত জালাল উদ্দিন নামৰ সমবায় সমিতিখনৰ অংশীদাৰ এগৰাকীৰ অভিযোগ অনুসৰি , ২০১৮ চনত গেৰামাৰী সমবায় সমিতিৰ নিৰ্বাচনত তেখেত ভোটদান কৰিছিল। কিন্তু চলিত বৰ্ষত, অৰ্থাৎ ২০২৩ বৰ্ষৰ সমবায় সমিতিখনৰ নিৰ্বাচনৰ সময়ত ভোট দিবলৈ গৈ তেখেতৰ নাম ভোটাৰ তালিকাত নথকা পায়। পিছলৈ গৈ তথ্য জনাৰ আইনৰ অধীনত সবিশেষ তথ্য বিচাৰি গেৰামাৰী সমবায় সমিতিত এক আৱেদন কৰে তেওঁ। জালাল উদ্দিনৰ ভাষ্য অনুসৰি, তেখেতৰ আৱেদনৰ উত্তৰ ৰূপে সমবায় সমিতিখনৰ সম্পাদকে পত্ৰযোগে ২০১১ চনতেই মৃত্যু হোৱা বুলি সমিতিৰ নথীত থকা বুলি তেওঁক জনায়। কেৱল জীৱিত অংশীদাৰক মৃত ঘোষিত কৰাৰ অভিযোগেই নহয়: আনকি বিষয়টো লৈ মাত নামাতিবলৈ সেইখনৰ একাংশ সদস্যই তেওঁক সকীয়ানি দিয়াৰ এক চাঞ্চল্যকৰ অভিযোগো কৰিছে জালাল উদ্দিনের। ইপিনে সমগ্ৰ ঘটনাটোক লৈ আৰক্ষীৰ ভূমিকাক লৈও উত্থাপিত হৈছে কেতবোৰ প্ৰশ্নৰ। জালাল উদ্দিনৰ দাৱী অনুসৰি বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে সমবায় সমিতিখনৰ ভোটাৰ তালিকাৰ পৰা তেখেতৰ নাম কৰ্তন কৰি ইনৰ নাম সন্নিবিষ্ট কৰাৰ অভিযোগ সম্বলিত এখন এজাহাৰ চলিত আগষ্ট মাহৰ ২ তাৰিখেই ধুবুৰী সদৰ থানাত দাখিল কৰিছিল তেওঁ। কিন্তু গেৰামাৰী সমবায় সমিতিখন অধ্যক্ষ/সভাপতি, সম্পাদককে ধৰি মুঠ ১০ গৰাকী লোকৰ বিৰূদ্ধে কৰা তেওঁৰ সেই এজাহাৰখন আজিলৈ পঞ্জীয়ন নকৰাৰ সমান্তৰালকৈ বিষয়টো লৈ অদ্যপি আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত আৰম্ভ নকৰাৰো এক গুৰুতৰ অভিযোগো কৰা পোৱা গৈছে জালাল উদ্দিনে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী