নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ তিনিচুকীয়াত আহোম সভাৰ সংবাদ মেল

বিশেষ বাৰ্তা, ২১ আগষ্ট : আজি তিনিচুকীয়াৰ হোটেল ময়ূৰজ্যোতিত সদৌ অসম আহোম সভাই এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই প্ৰক্ৰিয়াই খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিব বুলি উল্লেখ কৰে সংবাদ মেলত। লগতে উল্লেখ কৰে যে বিজেপি চৰকাৰৰ পৰিকল্পনাতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে৷ আহোমক নি:শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰা চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়৷ কিন্তু খিলঞ্জীয়া কোন? খিলঞ্জীয়াৰ সংজ্ঞা কি? তিনিচুকীয়া জিলাৰ সমষ্টিৰ সংখ্যা বাঢ়িছে। কিন্তু কিছুমান অঞ্চল থলগিৰিৰ হাতৰ পৰা ওলাই গ’ল। ডিব্ৰুগড়ৰ লাহোৱাল, আমগুৰি সমষ্টি বিলুপ্তি ঘটাই থলগিৰিক নি:শেষ কৰা হ’ল। অধিকাংশ সমষ্টি আহোমৰ পৰা কৰ্তন কৰা হ’ল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ‌ জড়িয়তে চৰকাৰে আহোমক শেষ কৰা হৈছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ মন্তব্যক লৈও আহোম সভাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু একেদৰে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈকো ধ্বংস কৰাৰ ষড়যন্ত্ৰৰে নতুনকৈ কাজিৰঙা সমষ্টি নামেৰে নামকৰণ কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে । এনে ষড়যন্ত্ৰৰে অসমত গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে। কিন্তু আহোমক অসমত নি:শেষ কৰাৰ ষড়যন্ত্ৰ কৰিলে ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হ’ব বুলি সংবাদ মেলৰ জৰিয়তে বিজেপি চৰকাৰলৈ সদৌ অসম আহোম সভাই সকীয়নি প্ৰদান কৰে। আজিৰ সংবাদ মেলখনত সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰৰ লগতে উপ সভাপতি, সাংগঠনিক সম্পাদককে আদি কৰি জিলা আৰু আঞ্চলিক সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷

প্ৰেৰক বিবেক বড়া

You might also like