নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : গোৱালপাৰা জিলাৰ দুধনৈৰ দামৰা-মাজু বৰগুমত গৰু চুৰি কৰিবলৈ আহি গৰুসহ বিলাসী বাহন এৰি পলাল চোৰ ৷ যোৱানিশা এই গৰু চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনা ৷ আনকি উত্তেজিত ৰাইজে ভাঙিলে চোৰে ব্যৱহাৰ কৰা বিলাসী বাহন ৷ ঘটনাস্থলীৰ পৰা বাহনসহ গৰু এৰি পলায়ন কৰে গৰুচোৰৰ দলে ৷ যোৱানিশা মাজু বৰগুম গাঁৱৰ পৰা গৰু চুৰি কৰি ছুইফট ডিজিয়াৰ বাহনত উঠাই পলায়নৰ চেষ্টা কৰিছিল ৷ চোৰে বাহনত গৰু লৈ তীব্ৰ বেগত যাবলৈ ধৰোঁতে স্থানীয় ৰাইজে খেদি খেদি বাহনসহ গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ কিন্তু অতি কৌশলেৰে চোৰে গৰু আৰু বাহন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক আহি তদন্ত কৰে ৷ ৰাইজে জব্দ কৰা ছুইফট বাহনসহ গৰু পুৱাহে আৰক্ষীয়ে দামৰা আৰক্ষী চকীলৈ লৈ যায় ৷ জব্দ কৰা ছুইফট ডিজিয়াৰ বাহনখনৰ নম্বৰ AS-01AK-7344 ৷
প্ৰেৰক বেনজিন বড়ো