🔹 তিনি বিষয়া-কৰ্মচাৰীয়ে ঠিকাদাৰৰ সৈতে মিলি চলাইছে লাখ লাখ টকাৰ শৰাধ
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : মাত্ৰ এটা মাহৰ ভিতৰতেই দিখৌ নদীৰ দুবাৰকৈ প্ৰলয়ংকৰী বানত হাজাৰ হাজাৰ পৰিয়াল সৰ্বস্বান্ত হোৱাৰ সময়তে এইবাৰ দিখৌৰ মথাউৰিৰ সুৰক্ষাৰ নামত শিৱসাগৰ জলসম্পদ বিভাগৰ দুগৰাকী বিষয়াসহ এগৰাকী শাখা সহায়কে মথাউৰিৰ সুৰক্ষাৰ নামত ব্যাপক লুন্ঠন চলোৱা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ “চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি”ৰ দৰেই শিৱসাগৰ জলসম্পদৰ এই তিনি বিষয়া-কৰ্মচাৰীয়ে পানী শুকুৱাৰ পিছত মথাউৰিৰ সুৰক্ষাৰ নামত ব্যাপক লুন্ঠন চলোৱাৰ ঘটনাক লৈয়ে সৃষ্টি হৈছে এই চাঞ্চল্য ৷ দশক দশকজুৰি বদলি নোহোৱাকৈ শিৱসাগৰ জলসম্পদত খোপনি পুতি বহিবলৈ সক্ষম হোৱা এছ ডি অ’, সহকাৰী অভিযন্তা, শাখা সহায়কৰ নেতৃত্বতে লক্ষ লক্ষ টকাৰ চৰকাৰী ধনৰ শৰাধ পতা ঘটনাই এতিয়া ৰাইজৰ চকু কপালত তুলিছে ৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী, আয়ুক্তকো কেৰেপ নকৰা তথা কোনো চৰকাৰী নিৰ্দেশে আজিলৈকে স্পৰ্শ কৰিব নোৱাৰা এই তিনি বিষয়া-কৰ্মচাৰীৰ দৌৰাত্ম্যই সাধাৰণ ৰাইজকো আচৰিত কৰি তুলিছে ৷ মুখৰ কথাই আইনত পৰিণত হোৱা এই তিনি বিষয়া-কৰ্মচাৰীয়ে শেহতীয়াকৈ শিৱসাগৰৰ বগীদলৰ বিৰিঙাণি চুকত সংঘটিত কৰিছে সীমাহীন অনিয়ম ৷ স্থানীয় ৰাইজৰ অভিযোগ আৰু ঘটনাস্থলীত জিঅ টেগত সংগ্ৰহ কৰা ফটোত পোহৰলৈ আহিছে অনিয়ম- লুন্ঠনৰ বিস্ফোৰক তথ্য ৷ জানিব পৰা মতে, খৰালিৰ সময়ছোৱাত শুই-বহি কটোৱা এই ধুৰন্ধৰ চক্ৰটোৱে শেহতীয়াকৈ দিখৌ নদীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছতেই অধিক তৎপৰ হৈ পৰে ৷ যি সময়ত সাধাৰণ ৰাইজে বানত সৰ্বস্বান্ত হৈ ঘৰ-ভেটি হেৰুৱাৰ উপক্ৰম ঘটিছে, সেই সময়ত ঠিকাদাৰৰ সৈতে মিলি এই চৰকাৰী চক্ৰটোৱে মথাউৰিৰ সুৰক্ষাৰ নামত চলাইছে লুন্ঠন ৷ উল্লেখ্য যে দিখৌৰ বলিয়া বানৰ আতংক হ্ৰাস পাইছিল ১১ আগষ্টৰ পৰা, কিন্তু লুন্ঠনত পাকৈত উক্ত বিষয়া-কৰ্মচাৰীয়ে এগৰাকী ৰেডিমেড ঠিকাদাৰৰ নামত এটা বৃহৎ শ্ৰমিকৰ দলৰ হতুৱাই বগীদল বিৰিঙাণি চুকৰ মথাউৰিৰ ওপৰত হাজাৰ হাজাৰ বালি-মাটিৰ বস্তা জাপি মথাউৰিৰ সুৰক্ষাৰ এখন নাটক ৰচনা কৰে ৷ একমাত্ৰ লুন্ঠনৰ অচিলাৰে পানী কমাৰ পিছত মথাউৰিৰ নদীৰ দিশলৈ হাজাৰ হাজাৰ বালি-মাটিভৰ্তি বস্তা জাপি দিয়া ঘটনাই ৰাইজকো স্তম্ভিত কৰি তুলিছে ৷ অত্যন্ত দুৰ্গম তথা সাধাৰণ মানুহৰ আহ-যাহ নোহোৱা অঞ্চলটোত পানী কমাৰ পিছতো ৰেডিমেড ঠিকাদাৰৰ নামত হাজাৰ হাজাৰ বস্তাৰে মথাউৰি সুৰক্ষাৰ নামত এই তিনি বিষয়া-কৰ্মচাৰীয়ে চলোৱা অভিযানৰ আঁৰত যে এক বৃহৎ অনিয়মৰ বাদে আন একো নাই, সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে ৷ ইফালে, দিখৌমুখৰ পৰা মেচাগড়লৈকে বিগত এটা দশকত দিখৌৰ মথাউৰিৰ সুৰক্ষাৰ নামত সংঘটিত কেইবাকোটি টকীয়া কেলেংকাৰিৰ লগতে দিখৌমুখত সংঘটিত আন এক বিয়াগোম কেলেংকাৰি গোচৰত এতিয়াও গৌৰীসাগৰ আৰক্ষীৰ তদন্তৰ আওতাত সোমাই থকা জনৈক গগৈয়ে কেৱল নিৰ্বাচনৰ সময়ত এমাহৰ বাবে শিৱসাগৰৰ পৰা বদলি হৈ পুনৰ শিৱসাগৰতেই স্থলাভিষিক্ত হোৱা ঘটনা এতিয়াও অবুজ সাঁথৰত পৰিণত হৈছে ৷ অনুৰূপ ধৰণে বিতৰ্কিত এছ ডি অ’গৰাকীয়ে কাৰ আশীৰ্বাদত শিৱসাগৰ জলসম্পদ বিভাগক খীৰতী গাইৰ দৰে ব্যৱহাৰ কৰি আছে, সেয়াও এক লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷ আনহাতে, নগৰৰ পৰা ৫ কিলোমিটাৰ নিলগত নিজৰ ঘৰ থকাৰ পিছতো জলসম্পদৰ চৰকাৰী আৱাসগৃহ সুদীৰ্ঘ ১৩ বছৰ দখল কৰি থকা তথা চৰকাৰী আৱাসগৃহ অইল ইণ্ডিয়াৰ চাকৰিৰ বজাৰৰ ধন সংগ্ৰহ কেন্দ্ৰত পৰিণত কৰাৰ পিছতো শাখা সহায়কগৰাকীয়ে কি দৰে বছৰ বছৰ ধৰি বিভাগটোত ইটোৰ পিছত সিটো অনিয়ম-কেলেংকাৰি সংঘটিত কৰি আহিবলৈ সাহস পাইছে, সেয়াও এক ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷ সচেতন মহলে এইক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু আয়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ কঠোৰ স্থিতি কামনা কৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান