নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত দিন-দুপৰতে কেইবাটাও স্থানত চোৰৰ চাফাই অভিযান

বিশেষ বাৰ্তা, ২২ আগষ্ট : অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষী সাধাৰণ জনতাৰ পৰা যান-বাহন আইন উলংঘা কৰাৰ অভিযোগত চালান কটাত ব্যস্ত থকাৰ মাজতে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত কালি দিন-দুপৰতে দুঠাইত চুৰিকাণ্ড সংঘটিত কৰি নগদ ধনসহ বহু মূল্যৱান সামগ্ৰী চুৰি কৰি নিয়ে ৷ জানিব পৰা মতে, সোণাৰি নগৰৰ ১ নং ৱাৰ্ডৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰাক্তন সাংবাদিক গুণগোবিন্দ বৰকাকতিৰ বাসগৃহৰ লগতে তেওঁৰ ভাৰাঘৰত কালি দিন-দুপৰতে চোৰে পাছফালৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি বহু মূল্যৱান সামগ্ৰীৰ লগতে নগদ ধন চুৰি কৰি নিয়ে৷ উল্লেখযোগ্য যে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চুৰি কাৰ্য সংঘটিত কৰে যদিও ভাৰাতীয়া পৰিয়ালটি কৰ্তব্যৰ পৰা ঘূৰি আহি চুৰি কাণ্ড প্ৰত্যক্ষ কৰি লগে লগে সোণাৰি আৰক্ষীক অৱগত কৰে৷ আনহাতে, নগৰখনৰ ভৱানীপুৰৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ পালৰ বাসগৃহটো কালি দুপৰীয়া চোৰে লণ্ডভণ্ড কৰে৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষজনৰ বাসগৃহত  কোনো নথকাৰ সুযোগত পিছ দুৱাৰেদি চোৰে প্ৰৱেশ কৰি বহু মূল্যৱান সম্পদ চুৰি কৰি নিয়ে৷ বিয়লি ঘৰৰ সদস্যই চুৰিকাণ্ড সন্দৰ্ভত জানিব পাৰি লগে লগে সোণাৰি থানাত এজাহাৰ দিয়ে৷ বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে চুৰিকাণ্ডৰ সৈতে জড়িত কোনো লোককে আটক কৰিব পৰা নাই৷ উল্লেখ্য, আৰক্ষীয়ে গিজগিজাই থকা সোণাৰি নগৰত দিন-দুপৰতে এনেদৰে চোৰে লুটপাত চলোৱাৰ ঘটনাই নগৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

 

প্ৰেৰক দীপাংকৰ পাল

You might also like