🔹 অপহৰণৰ আঁৰত ৰহিংগীয়া শৰণাৰ্থী জড়িত থকাৰ সন্দেহ
🔹 উচ্চস্তৰীয় তদন্তৰ পোষকতা
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : ৰাজ্যৰ নামনিৰ ভাৰত-বাংলাদেশ সীমান্তৰ জিলা এতিয়া হৈ পৰিছে নেকি ৰহিংগীয়া শৰণাৰ্থীৰ গোপন আশ্ৰয়স্থল? সম্প্ৰতি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমীপৰ এটা অঞ্চলৰ পৰা বিবাহিত মহিলা এগৰাকীৰ অপহৰণৰ ঘটনাৰ পিছত উত্থাপিত হৈছে এই ভয়ংকৰ প্ৰশ্ন। উল্লেখ্য যে বিগত ৯ আগষ্টৰ দিনা বিলাসীপাৰাৰ নয়াৰহাট আৰক্ষী চকী এলেকাৰ এটা অঞ্চলৰ পৰা অপহৃত হৈছিল এগৰাকী মহিলা। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ শহুৰৰ ঘৰৰ পৰা নয়াৰহাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ সমান্তৰালকৈ অপহৃতাৰ পিতৃগৃহয়ো বিলাসীপাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল। বিলাসীপাৰা থানাত দাখিল কৰা পিতৃৰ এজাহাৰখনত ত্ৰিপুৰাৰ আগৰতলাৰ মছজিদ পাৰাৰ মহম্মদ জাহিদ নামৰ যুৱক এজনে ফুচুলাই তেওঁৰ জীয়ৰীক অপহৰণ কৰা বুলি স্পষ্টভাৱে উল্লেখ আছে। ইয়াৰ মাজতে আকৌ ম্যানমাৰাৰ বাসিন্দা মহম্মদ জাহিদ নামৰ এজন যুৱকে সংযুক্ত ৰাষ্ট্ৰ শৰণাৰ্থী উচ্চায়ুক্তত (United Nations High Commisioner for Refugees) শৰণাৰ্থীৰ মৰ্যাদা বিচাৰি আবেদন জনোৱাৰ এখন নথিয়ে বিষয়টো অধিক ৰহস্যাবৃত কৰি তুলিছে। ইপিনে, অপহৰণত জড়িত থকাৰ অভিযোগ উঠা মহম্মদ জাহিদ নামৰ যুৱকজনে পশ্চিম ত্ৰিপুৰাৰ আগৰতলাৰ মছজিদপাৰাৰ ঠিকনাৰে আধাৰ কাৰ্ড লাভ কৰাৰো নিশ্চিত তথ্য পোৱা গৈছে। স্বাভাৱিকভাৱেই এতিয়া অপহৰণত জড়িত যুৱকজনেই ৰহিংগীয়া শৰণাৰ্থী মহম্মদ জাহিদ নেকি বুলি এক প্ৰশ্নৰ উদয় হৈছে। ইপিনে, বিগত সময়ত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ দুৰ্গম নায়েৰ আলগা অঞ্চলত কেইবাগৰাকী বাংলাদেশী জেহাদী গোষ্ঠী আনছাৰুল্লাহ বাংলা টীম (এবিটি)ৰ সক্ৰিয় সদস্য গ্ৰেপ্তাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিলাসীপাৰাৰেই ভিতৰুৱা অঞ্চলত সঁচাকৈয়ে এগৰাকী ৰহিংগীয়া শৰণাৰ্থীয়ে আশ্ৰয় লৈছিল নেকি বুলি এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰো উদয় হৈছে। ইয়াতে উল্লেখনীয় যে ম্যানমাৰা-বাংলাদেশ সীমান্তত সক্ৰিয় ৰহিংগীয়া চলিডাৰিটি অৰ্গেনাইজেচন চমুকৈ আৰএছঅ’ নামৰ জেহাদী গোষ্ঠীটোৰ জন্ম ৰহিংগীয়া শৰণাৰ্থীৰ আঁত ধৰি হোৱাটো সৰ্বজনবিদিত ঘটনা। আনহাতে, বাংলাদেশৰ কুখ্যাত জেহাদী গোষ্ঠী জামাত ঊল মুজাহিদীন বাংলাদেশ (চমুকৈ জেএমবি) আৰু হৰকত-ঊল-জিহাদ অ’ল-ইছলামী বাংলাদেশ ( চমুকৈ হুজি বি)ৰ সৈতে আৰএছঅ’ৰ সম্পৰ্ক থকাৰ দীৰ্ঘদিনীয়া এক সন্দেহো আছে। এনে প্ৰেক্ষাপটত বিলাসীপাৰাৰ সাম্প্ৰতিক সেই মহিলা অপহৰণ কাণ্ডটোৰ সৈতে জড়িত থকা যুৱকজন সঁচাকৈয়ে ৰহিংগীয়া শৰণাৰ্থী নেকি বুলি নিশ্চিত কৰাটো অতীব গুৰুত্বপূৰ্ণ হৈ পৰা বুলিয়েই কিন্তু উচ্চাৰিত হৈছে। লগতে মহম্মদ জাহিদ নামৰ যুৱকজন আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহ চক্ৰৰে জড়িত নেকি, সেই প্ৰশ্ন উত্থাপিত হোৱাও দেখা গৈছে। ফলত স্বাভাৱিকভাৱেই বিলাসীপাৰাৰ সেই অপহৰণ কাণ্ডটোৰ এক উচ্চস্তৰীয় তদন্তৰ প্ৰয়োজনীয়তা থকা বুলি মত পোষণ কৰিছে বহুতেই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী