🔹 চেনিমাই নৈৰ বানে বুৰালে বিস্তীৰ্ণ অঞ্চল
বিশেষ বাৰ্তা, ২২ আগষ্ট : লখিমপুৰত আৰম্ভ হৈছে ভদীয়া বানৰ তাণ্ডৱ। কেইদিনমানৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ প্ৰায়বোৰ নৈৰ জলপৃষ্ঠই বিপজ্জনক ৰূপ ধাৰণ কৰে। কেইখনমান নৈৰ পানী বাগৰি আহি কাষৰীয়া অঞ্চলত তাণ্ডৱ সৃষ্টি কৰে। এনেদৰে নগৰৰ সমীপত কদম অঞ্চলত মঙলবাৰে পুৱাৰ পৰা এক বৃহৎ অঞ্চল বুৰাই পেলায় চেনিমাই নৈৰ বানে। কদম টেঙাবস্তিত, বাগান গাঁৱত ভদীয়া বানৰ তাণ্ডৱ সৃষ্টি কৰে নৈখনে। চেনিমাই নৈৰ বাঢ়নী পানীয়ে বুৰালে বহু পৰিয়ালৰ বাসগৃহও। ফলত বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ । কদম টেঙাবস্তিত, বাগানগাঁৱত চেনিমাই নৈৰ ভদীয়া বানৰ তাণ্ডৱত এতিয়া ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। ধাৰাসাৰ বৃষ্টিপাতৰ ফলতে লখিমপুৰ জিলাৰ চেনিমাই নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱ লীলা চলায় কদম টেঙাবস্তিৰ লগতে বাগান গাঁৱত। এই অঞ্চলৰ বহু পৰিয়ালৰ বাসগৃহত পানী সোমাৱাৰ ফলত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে কেইবাটাও পথৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰিছে। উল্লেখ্য যে চলিত বৰ্ষাকালত কেইবাটাও বানত জুৰুলা হৈছিল লখিমপুৰ জিলা। মাজত কিছুদিন বানৰ প্ৰকোপ কমিলেও পুনৰ বান সংকট নামিছে জিলাখনত। বাৰিষা প্ৰায় অন্ত পৰাৰ সময়তে আকস্মিকভাৱে জিলাখনত এনেদৰে সৃষ্টি হোৱা বানে বিস্তৰ ক্ষতি কৰিছে। কিয়নো বাৰিষা অন্ত পৰাৰ সময়ত পুনৰ বান সংকট নহ’ব বুলি ৰাইজ নিশ্চিত হৈ পৰিছিল। যাৰ বাবে হঠাৎ হোৱা বানৰ বাবে ৰাইজ সাজু নাছিল। সেয়ে হঠাৎ হোৱা এই বানত ক্ষয়ক্ষতিৰ পৰিমাণ বৃদ্ধি হয়। ইফালে, আজি বিয়লিৰ পৰা নীপকোৱেও ৰঙানৈত প্ৰকল্পৰ পানী মোকলাই দিয়ে। নৈপৰীয়া ৰাইজক সতৰ্ক কৰি নৈপৰীয়া অঞ্চলত বিপদ সংকেত ধ্বনি বজোৱা হৈছে। নীপকোৱে পানী মোকলাই দিয়াৰ ফলত ৰঙা নৈয়েও সংহাৰ মূৰ্তি ধাৰণ কৰাৰ আশংকা নামিছে। যাৰ বাবে শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।
প্ৰেৰক জীৱন গোস্বামী