নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত শিক্ষা বিভাগৰ আৰোহণ আঁচনিৰ ব্যতিক্ৰমী অনুষ্ঠান

বাৰ্তা বুৰো, ২২ আগষ্টঃ চৰকাৰী বিদ্যালয়সমূহত অধ্যয়নৰত মেধাবী ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বদিশৰ বিকাশৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে আৰম্ভ কৰা আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁৱৰ ১২১গৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অতিথি হিচাপে নিজ কাৰ্যলয়লৈ আমন্ত্ৰণ জনাই জিলা আয়ুক্ত কাৰ্যালয় কিদৰে পৰিচালিত হয়, সেই বিষয়ে সম্যক অভিজ্ঞতা প্ৰদান কৰে। মৰিগাঁও জিলা আয়ুক্ত সভাকক্ষত চাৰিঘণ্টা জোৰা এই বৈঠকৰ শুভাৰম্ভ কৰে এটি সুন্দৰ বৰগীতেৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, অতিৰিক্ত জিলা আয়ুক্ত ড০ সংগীতা বৰঠাকুৰ, দুটিভা বৰা, বিমান দাস, সদাৰ মহকুমাধিপতি হৃদয় কুমাৰ দাস, জিলা শিক্ষা পৰিদৰ্শক বুলি গগৈ ভূঞা , জিলা আঁচনি বিষয়া ৰোহিনী দত্ত, লক্ষীনন্দন শইকীয়া আদি আৰোহণ ফেজ-২ৰ অধীনত মেধাসম্পন্ন ছাত্ৰ -ছাত্ৰী য়ে লাভ কৰিব একো একোজনকৈ মেণ্টৰ।প্ৰতিযোগিতাৰ যুগত সফলতাৰে আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায় জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। ইয়াৰ উপৰি আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে বয়ঃসন্ধি সময়ৰ বিভিন্ন জৰুৰী বিষয়ৰ ওপৰত আলোকপাত কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সাৱলীলভাৱে ছাত্ৰ ছাত্ৰীসকলক আৰক্ষী বিষয়া এগৰাকী হবলৈ কি দৰে নিজক প্ৰস্তুত কৰিব লাগে সেই সম্পৰ্কে অৱগত কৰে। আৰু অতিৰিক্ত জিলা আয়ুক্ত ড০ সংগীতা বৰঠাকুৰে ছাত্ৰ-ছাত্ৰীক জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ কাৰ্য সম্পাদন ব্যৱস্থা ব্যাখ্যা কৰে। আনহাতে এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল জিলা আয়ুক্তৰ চৰকাৰী বাসভৱন পৰিদৰ্শন। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ছাত্ৰ ছাত্ৰীসকলক নিজৰ অতিথি হিচাপে আমন্ত্ৰণ কৰি দিনৰ খাদ্য একেলগে গ্ৰহণ কৰাৰ লগতে নিজৰ সুৰীয়া কণ্ঠৰে কেইবাটিও গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like