নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পুথিভঁৰালৰ ভৱিষ্যৎ

ডিজিটেল প্রযুক্তি আৰু তথ্যৰ পৃথিৱীত মুহূর্ততে প্রৱেশৰ আধিপত্য থকা এই যুগটোত প্রায়ে পুথিভঁৰাল প্রসংগত এটা প্রশ্ণ উত্থাপন হয়৷ এই যুগত পৰম্পৰাগত শৈলীত মুদ্রিতকিতাপৰ পুথিভঁৰালসমূহ আমাৰ সমাজত এতিয়াও প্রাসংগিক হৈ আছেনে? এই প্রশ্ণৰ এটাই উত্তৰ– হয়৷ লেপটপ, ম’বাইলত লৈ ফুৰিব পৰা আৰু পঢ়িব পৰা কিতাপৰ বর্ধিত সংখ্যা, অনলাহন ডাটাবেছৰ ব্যৱহাৰৰ আধিক্য, চার্চ হঞ্জিনৰ বিকাশ আদিৰ পাছতো পৰম্পৰাগত গ্রন্থ পুথিভঁৰালটোৱে আমাৰ সমাজত এতিয়াও ডল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে৷ ইয়াৰ কাৰণ হ’ল পুথিভঁৰাল অকল কিতাপ থূপ খোৱা ঠাই এডোখৰ নহয়, ই হ’ল জ্ঞানৰ কেন্দ্র, চিন্তা–চর্চাৰ অভয়াৰণ্য, একোটা সম্প্রদায়ৰ মিলন কেন্দ্র আৰু সংস্কৃতি–হতিহাসৰ ভঁৰাল৷ ঐতিহাসিকভাৱেই কিতাপৰ পুথিভঁৰালসমূহ জ্ঞানৰ এক প্রাথমিক ডৎস হৈ আহিছে, এই প্রতিষ্ঠানে নিজৰ ভূমিকা ফলপ্রসূভাৱে পালন কৰি আহিছে৷ ডিজিটেল স্থানত অধ্যয়নৰ সময়ত প্রায়ে পোৱা বিক্ষিপ্ততাৰ আধুনিকতাৰ পৰা এই পুথিভঁৰালসমূহ মুক্ত বাবেই ইয়াৰ পৰিৱেশে মনোনিৱেশ কৰি কৰা অধ্যয়নৰ বাবে অনুকূল এক নিস্তব্ধ বাতাৱৰণ প্রদান কৰে৷ ছাত্র–ছাত্রী, গৱেষক আৰু জ্ঞানৰ সৈতে গভীৰভাৱে জডিত হ’ব বিচৰা যিকোনো ব্যক্তিৰ বাবেই এই পৰিৱেশ অতি প্রয়োজনীয়৷ এটা কথা ঠিক যে পুথিভঁৰাল কেৱল ছাত্র–ছাত্রীৰ মাজতে সীমাবদ্ধ হৈ থাকিব নোৱাৰে৷ অ–ছাত্রসকলৰ বাবেও পুথিভঁৰালে বহু সম্পদ আৰু সেৱা আগবঢ়াব পাৰে৷ বিশেষকৈ ৰাজহুৱা পুথিভঁৰালসমূহে বিভিন্ন প্রয়োজনৰ পাঠকক নানা ধৰণৰ সুবিধা প্রদান কৰিব পাৰে৷ ৰাজহুৱা পুথিভঁৰালসমূহে কর্মশালা, বত্তৃণতা আৰু কিতাপ ক্লাবৰ দৰে অনুষ্ঠানো আয়োজন কৰি পাঠকসকলৰ গ্রন্থৰ প্রতি আগ্রহ বৃদ্ধি কৰাত সহায় কৰে আৰু পুথিভঁৰালবোৰক সকলো সদস্যৰ বাবে প্রাসংগিক কৰি ৰাখি আজীৱন শিক্ষণ প্রয়াসক লাভান্বিত কৰে৷

অসম চৰকাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালটো নতুনকৈ নির্মাণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি সংবাদ–পত্রত প্রচাৰ হৈছে৷ এই পুথিভঁৰালটো যাতে কেৱল কিতাপেৰে ভৰা শ্বেলফৰ লগতে প্রযুক্তিৰ অন্তর্ভুক্তি আৰু পৰিৱর্তিত সমাজৰ প্রয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ নির্মাণ কৰা হয়, তেতিয়াহে ই সমাজৰ প্রতি অৱদান হিচাপে স্বীকৃত হ’ব৷ হ–বুক, অনলাহন জার্নেল, গৱেষণা সংক্রান্তীয় ডাটাবেছ আৰু মাল্টিমিডিয়াসম্বৃদ্ধ বিষয়বস্তুৰ সংযোগে পুথিভঁৰালক এক ব্যাপ্ত প্রদান কৰিব আৰু ইয়াৰ প্রায়োগিক দিশৰ বিকাশ সাধন হ’ব৷ আধুনিক ধাৰণাত পুথিভঁৰাল হ’ল এটা সামাজিক স্থান, যিটোৱে ভিন্ন ভিন্ন সম্প্রদায়ৰ ভিন্ন নান্দনিক প্রয়োজন পূৰণ কৰে৷ গবেষক ছাত্র–ছাত্রীৰ প্রয়োজনৰ লগতে অৱসৰ বিনোদনৰ বাবে যোৱা বয়স্ক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবেও চৰকাৰী ৰাজহুৱা পুথিভঁৰালে উপযুক্ত স্থানৰ ব্যৱস্থা কৰিব লাগিব৷ একে সময়তে পুথিভঁৰাললৈ অহা বা আহিব বিচৰা তৃতীয় লিংগৰ সদস্যসকলে পাবলগীয়া প্রাথমিক সুবিধাৰ কথাও বিচাৰ কৰিব লাগিব৷ পুথিভঁৰালক এতিয়া একোটা সামাজিক স্থান হিচাপে বিবেচনা কৰা হয়, যিয়ে অধ্যয়নৰ লগে লগে সাংস্কৃতিক বিকাশৰ বাবেও একে সমানেই কাম কৰিব পাৰে৷ ইয়াৰ বাবে পুথিভঁৰালক সম্প্রদায় কেন্দ্র হিচাপে গঠন কৰি তুলিব লাগিব যাতে ই বিভিন্ন সম্প্রদায়ৰ মাজত সংযোগ স্থাপন কৰা কাম কৰিব পাৰে৷ অধ্যয়ন কৰা সম্প্রদায়ৰ লগত চিত্রশিল্পী সম্প্রদায়ৰ ভাব বিনিময়ৰ সুবিধা হওক, গৱেষক সম্প্রদায়ৰ লগত সংগীতশিল্পী সম্প্রদায়ৰ সংযোগ হওক আৰু এই সংযোগে প্রতিটো সম্প্রদায়কে বিকাশত সহায় কৰক৷ পুথিভঁৰাল একোটা হৈ পৰিব লাগে শিক্ষণ, সৃষ্টিশীলতা আৰু সামাজিক যোগাযোগক প্রসাৰিত কৰা অনুষ্ঠান৷ তদুপৰি, তথ্যৰ বিশ্বাসযোগ্য ডৎস হিচাপেও পুথিভঁৰালসমূহক গঢ়ি তোলাটো বর্তমান সময়ৰ দাবী৷ কাৰণ ডিজিটেল জগতখনত যিদৰে ভুল তথ্য বিয়পি পৰে, তাৰ বিৰুদ্ধে থিয় হ’বলৈ এক সম্বৃদ্ধ পুথিভঁৰালৰ বিকল্প নাই৷ ভুল তথ্যৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সমালোচনাত্মক চিন্তাধাৰাৰ দক্ষতাক প্রসাৰিত কৰাৰ দৰে গুৰুত্বপূর্ণ কাম কৰা একোজনৰ বাবে একোটা পুথিভঁৰাল হ’ব লাগে অর্থপূর্ণ আলোচনাত লিপ্ত হৈ নিজৰ দিগন্ত বিস্তাৰ কৰিব পৰা এক সাধনাস্থলী৷ পুথিভঁৰালৰ যোগেৰে জ্ঞান আৰু সংস্কৃতিৰ ন্যায্য প্রৱেশ নিশ্চিত কৰাত চৰকাৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগে আৰু পুথিভঁৰালে আগবঢ়োৱা সেৱাসমূহ বিনামূলীয়া বা সুলভ কৰি ৰাখি বিভিন্ন আর্থ–সামাজিক পটভূমিৰ ব্যক্তিসকলক মানসিক খাদ্য যোগান ধৰাটো নিশ্চিত কৰিব লাগে৷ গুৱাহাটীত নির্মাণ হ’ব লগা জিলা পুথিভঁৰালৰ নতুন ভৱনেৰে ইয়াৰ আৰম্ভণি হ’ব পাৰে৷

You might also like