বিশেষ বাৰ্তা, ২৪ আগষ্ট : নগাঁও লোকসভা আসনখনক লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত চলিছে টনা-আঁজোৰা। যদিহে গৌৰৱ গগৈয়ে জ্যেষ্ঠজনক সন্মান দিব বিচাৰে, তেন্তে নগাঁও আসনখন প্ৰদ্যুৎ বৰদলৈক এৰি দিব লাগে।- এই মন্তব্য জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। সাংবাদিকৰে মুখামুখিত মন্ত্ৰী হাজৰিকাই কয়- গৌৰৱ গগৈয়ে আমাক শিকাবলৈ চেষ্টা কৰিছে বা সমালোচনা কৰিছে যে বিজেপিত বোলে জ্যেষ্ঠসকলক সন্মান দিয়া নহয়। আমি জানো আমি জ্যেষ্ঠসকলক সন্মান দিছোঁ নে নাই। আমিতো সন্মান জনায়ে আছোঁ। কিন্তু তেওঁ যিহেতু নীতিৰ বচন আওৰাইছে যে জ্যেষ্ঠসকলক সন্মান দিয়ে, তাৰ পৰিপ্ৰেক্ষিতত প্ৰদ্যুৎ বৰদলৈকো জ্যেষ্ঠতাৰ ভিত্তিত নগাঁও লোকসভা আসনখন এৰি দিব লাগে। কাৰণ গৌৰৱ গগৈতকৈতো প্ৰদ্যুৎ বৰদলৈ বহু জ্যেষ্ঠ। অতি কমেও ২০-২৫ বছৰৰ বয়সৰ পাৰ্থক্য আছে। তাৰ পিছতো গৌৰৱ গগৈয়ে এই জ্যেষ্ঠ ব্যক্তিজনক নিজৰ সমষ্টিত আহি কিয় সমস্যাৰ সন্মুখীন কৰায়। নগাঁওতো গৌৰৱ গগৈৰ সমষ্টি নহয়, এইটো বৰ্তমান প্ৰদ্যুৎ বৰদলৈৰহে সমষ্টি। তদুপৰি মন্ত্ৰীগৰাকীয়ে কয়- মই ভাবোঁ কেইদিনমান পিছত তেওঁলোকৰ যুদ্ধখন ৰাইজৰ মাজলৈকে আহিব। সভাই-সমিতিয়ে তেওঁলোকৰ সমৰ্থকৰ মাজত মাৰপিট লাগিব। সেই দিনটো দেখিবলৈ নগাঁও-মৰিগাঁওবাসীৰ বেছিদিন নাই।