বিশেষ বাৰ্তা, ২৪ আগষ্ট : আৰ্থ-সামাজিক তথা গ্ৰাম্য অৰ্থনীতিৰ সপোন ৰচোঁতা ক্ষুদ্ৰ চাহ খেতিয়কসকল বর্তমান সময়তো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ যথেষ্ট শংকাত দিন অতিবাহিত কৰিব লগা হৈছে। সেয়েহে আজি খেতিয়কসকলৰ মূল সমস্যা কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ দাবীত তিনিচুকীয়া জিলা আয়ুক্ত কায্যালয়ৰ সন্মুখত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সাব্যস্ত কৰে দুইঘন্টীয়া অৱস্থান ধৰ্মঘট কায্যসূচী ৷ পৰৱৰ্তী সময়ত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মহম্মদ আমিন আৰু সম্পাদক অজিত গগৈৰ স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ জিলা আয়ুক্তলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ বাবে প্ৰেৰণ কৰে ৷ স্মাৰক-পত্ৰত উল্লেখ কৰা দাবীসমূহ ক্ৰমে বহিঃৰাজ্যৰ পৰা অবাধ গতিত অহা অবৈধ কেঁচা চাহপাত সম্পূৰ্ণৰূপে প্ৰৱেশ নিষিদ্ধ এখন আইন প্ৰস্তুত কৰি প্ৰণয়ন কৰা, উৎপাদন খৰচৰ মূল্যৰ ওপৰত নূন্যতম সমর্থন মূল্য (Minimum Support price Guarantee Act) আইন প্ৰস্তুত কৰি প্ৰণয়নৰ যোগেদি খেতিয়কক জীয়াই থকা ব্যৱস্থা কৰা, চাহ খেতি কৰি চাহ খেতিয়ক জীয়াই থাকিব পৰাকৈ এখন সুকীয়া আইন প্ৰস্তুত কৰা, মনিটৰিং কমিটী M.B.P. চাহ খেতিয়কে পোৱাৰ ব্যৱস্থা কৰা, উপকৰ পুঁজিৰ জমা থকা ধনেৰে ৭৫ শতাংশ ৰাজসাহাৰ্য্যৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কলঘৰ স্থাপন কৰা, এক হাজাৰ টকাৰ প্ৰিমিয়ামেৰে P.G.R., V.G.R. মাটিত ক্ষুদ্ৰ চাহ খেতিয়কক পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, জলসিঞ্চনৰ ব্যৱস্থা খৰতকীয়াকৈ কাৰ্যকৰী কৰা, ৰেহাই মূল্যত ৰাসায়নিক সাৰৰ যোগান নিশ্চিত কৰা, কেঁচাপাতৰ মান উন্নত কৰাৰ বাবে N.O.C.ৰ ব্যৱস্থা প্ৰতি জিলাতে কাৰ্যকৰী কৰা, আগন্তক বাজেটত ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে অন্তত দুশ কোটি টকা ধাৰ্য কৰা, ক্ষুদ্ৰ চাহ খেতিক কৃষিত অন্তৰ্ভূক্ত কৰা, পাম অইল খেতি বন্ধ কৰি অসমৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰি চাহ খেতিয়কক জীয়াই থাকিবলৈ দিয়া ৷ স্মাৰক-পত্ৰ প্ৰদান কৰাৰ পাছতে উপৰিউক্ত দাবীসমূহ যদি অতি সোনকালে জিলা প্ৰশাসনে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে অনতিপলমে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷
প্ৰেৰক বিবেক বড়া