নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধুনিক শিক্ষা ব্যৱস্থাই প্ৰকৃত মানৱ সৃষ্টি কৰিব পৰা নাই : দিগন্ত বিশ্ব শৰ্মা 

নিয়মীয়া বাৰ্তা,  ২৪ আগষ্ট : আজি নাজিৰা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপক কোষ আৰু অসমীয়া বিভাগৰ যৌথ উদ্যোগত “জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা” শীৰ্ষক এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজু ফুকনে আদৰণী ভাষণ আগবঢ়োৱা বক্তৃতানুষ্ঠানত বক্তা স্বৰূপে উপস্থিত আছিল সাহিত্য অকাডেমিৰ অসমীয়া ভাষাৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মা। বক্তৃতা প্ৰসংগত শৰ্মাই কয়- “আধুনিক শিক্ষা ব্যৱস্থাই প্ৰকৃত মানৱ সৃষ্টি কৰিব পৰা নাই আৰু নোৱাৰে। তাৰ সলনি আত্মা আলোকিত কৰি সনাতন প্ৰমূল্যবোধেৰে জীৱন গঢ়াৰ কচৰৎ কৰিব পাৰিলেহে শিক্ষাৰ গুণগত মান নিৰূপণ হ’ব। একমাত্র চাকৰিমুখী নহৈ শিক্ষা লাভ কৰি স্বনিৰ্ভৰশীল হ’বৰ বাবেও তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ধ্ৰুৱজ্যোতি নাথে বক্তব্য ৰখা উক্ত অনুষ্ঠানৰ আঁত ধৰে অধ্যাপক ৰাজীৱ বৰাই। ড° জীৱন কলিতা, ড° জ্যোতিৰঞ্জন মিলি, ড° ৰাজেন্দ্ৰ মোহন দেৱশৰ্মা, পূৰ্ণকান্ত গগৈ, ড° অজিত চন্দ্ৰ বড়া, ড° সুৰেশ ৰাজকোঁৱৰ, তচলীমা ৰহমান, কবিতা কোচ, পল্লৱ মহন্ত আদি উপস্থিত থকা অনুষ্ঠানত ফেশ্বন ডিজাইনিং বিভাগৰ অবিনাশ দিহিঙীয়াই এটি আধুনিক নৃত্যৰে সকলোকে আনন্দ দিয়ে।

 

প্ৰেৰক নৱ বুঢ়াগোহাঞি

You might also like