নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত প্ৰতিনিধিয়ে তলা ওলোমালে পঞ্চায়ত কাৰ্যালয়ত 

 🔹  সচিবৰ মইমতালিত অতিষ্ঠ পঞ্চায়ত প্ৰতিনিধি
 🔹 স্বপন ৰায়ক বদলিৰ দাবী
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : পঞ্চায়তৰ বিৰুদ্ধে সততে ৰাইজে প্ৰতিবাদ কৰি আহিছে যদিও এইবাৰ পঞ্চায়তৰ প্ৰতিনিধিয়েই নামিল প্ৰতিবাদত। খোদ পঞ্চায়ত প্ৰতিনিধিয়েই তলা ওলোমাই দিলে পঞ্চায়তৰ কাৰ্যালয়ত। বৰপেটা জিলাৰ চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত ২৩ নং নিজ চেঙা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰিলে পঞ্চায়তখনৰ দহগৰাকীকৈ প্ৰতিনিধিয়ে। পঞ্চায়ত প্ৰতিনিধিৰ ক্ষোভত উত্তপ্ত হৈ পৰে পঞ্চায়তৰ কাৰ্যালয় চৌহদ। পঞ্চায়তখনৰ নিৰ্বাচিত সদস্য-সদস্যাই ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটাই পঞ্চায়তখনৰ কাৰ্যালয়ত তলা লগাই বন্ধ কৰি দি পৰিৱেশ উত্তাল কৰি তোলে। ২৩নং নিজ চেঙা গাঁও পঞ্চায়তৰ সচিব স্বপন ৰায়ৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰে। মাহ মাহ ধৰি পঞ্চায়ত কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপিত হৈছে পঞ্চায়তখনৰ সচিব স্বপন ৰায়ৰ বিৰুদ্ধে। ক্ষোভিত পঞ্চায়ত প্ৰতিনিধিসকলে জনোৱা অনুসৰি, পঞ্চায়ত সচিবৰ গুৰুত্বহীনতাৰ ফলত পঞ্চায়তখনৰ বহু কাম-কাজত স্থবিৰতা অহাৰ লগতে পঞ্চায়তখনৰ অধীনৰ সাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। পঞ্চায়ত সচিবগৰাকীৰ মইমতালিৰ বাবেই বহু আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অনাহক বিলম্ব হোৱাৰ উপৰি আঁচনিৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত বহু অসুবিধাৰ সৃষ্টি হৈছে। আনকি পঞ্চায়তৰ কাৰ্যালয়ৰ বিদ্যুত মাচুল অনাদায়ৰ বাবে বিদ্যুৎ বিভাগে পঞ্চায়তখনৰ কাৰ্যালয়ৰ বিদ্যুত সংযোগ বিচ্ছিন্ন কৰি দিছে। আনহাতে, পঞ্চায়তৰ  প্ৰতিনিধিসকলে অভিযোগ উত্থাপন কৰি কয় যে পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী আৰু পঞ্চায়ত সচিব স্বপন ৰায়ে মিলি আঁচনিৰ কাম-কাজ গোপনে চলাই আহিছে আৰু লুণ্ঠনৰাজ চলাই আছে। এফালে নিজ খেয়াল খুচি মতে কেতিয়াবা কেতিয়াবাহে পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হোৱা সচিব স্বপন ৰয়ে অমৃত সৰোবৰৰ আঁচনি ৰূপায়ণৰ নামতো ব্যাপক কেলেংকাৰি সংঘটিত কৰি আহিছে বুলিও আন এক অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে পঞ্চায়তখনৰ দহগৰাকী সদস্য-সদস্যাই মিলি  পঞ্চায়ত কাৰ্যালয়ত তলা ওলমাই কাম-কাজ বন্ধ কৰি দিয়ে। বহু সময় এইদৰে তলা বন্ধ কৰি ৰখাৰ পিছত চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিমা কৌশিকে টেলিফোনযোগে দিয়া নিৰ্দেশ মৰ্মেই তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চম্পালাল ভট্টাচাৰ্য্যই ঘটনাস্থলীত উপস্থিত হৈ আলোচনামৰ্মে পঞ্চায়তৰ কাৰ্যালয়ত ওলমি থকা তলা খুলি দিয়ে আৰু পঞ্চায়ত কাৰ্যালয়ৰ কাম-কাজ আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়ে। পিছে আজিও উপস্থিত নহল পঞ্চায়ত সচিব স্বপন ৰায়।এইগৰাকী ওভতগোৰে নচা পঞ্চায়ত সচিবক শীঘ্ৰেই পঞ্চায়তখনৰ পৰা বদলি কৰিবলৈ পঞ্চায়ত প্ৰতিনিধৰ লগতে স্থানীয় ৰাইজে দাবী উত্থাপন কৰে।
প্ৰেৰক নকুল তালুকদাৰ
You might also like