নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশন সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে বৈঠক আদৰণী সমিতিৰ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : অসম সাহিত্য সভাৰ আগন্তুক একাদশ বিশেষ বাৰ্ষিক অধিৱেশন ২০২৪ অহা ১ ফেব্ৰুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে মৰিগাঁও-নগাঁও জিলাৰ সীমামূৰীয়া বাৰপূজীয়াত অনুষ্ঠিত হ’ব ৷ বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আমন্ত্ৰণক্ৰমে অনুষ্ঠিত হ’ব লগা অধিৱেশনখনি সাফল্যমণ্ডিত কৰিবলৈ আদৰণী সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাই থকাৰ মাজতে আজি অধিৱেশনখনি সন্দৰ্ভত আদৰণী সমিতিৰ এটি প্ৰতিনিধি দলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ৰামেশ্বৰ তেলীক সাক্ষাৎ কৰি  আলোচনাত মিলিত হয় ৷ বিশেষ অধিৱেশনখনিৰ সফল ৰূপায়ণৰ বাবে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে আদৰণী সমিতিৰ প্ৰতিনিধি দলটিয়ে ৷ উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে আলোচনা মিলিত হয় ক্ৰমে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰী, আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকা আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, আদৰণী সমিতিৰ উপ-সভাপতি কেশৱ চন্দ্ৰ লাহন আৰু গুৱাহাটী মহানগৰ উপ-সমিতিৰ সভাপতি মহিম চন্দ্ৰ ডেকাই ৷

প্ৰেৰক মানস নাথ

You might also like