নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া বিশ্বকাপৰ ৱার্মআপ মেচৰ সূচী ঘোষণা আইচিচিৰ

🔹 বর্ষাপাৰাত অনুষ্ঠিত হ’ব চাৰিখন মেচ
বিশেষ বাৰ্তা, ২৪ আগষ্ট : ভাৰতত ৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ ৱার্মআপ মেচৰ সূচী ঘোষণা কৰিলে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে৷ ৱার্মআপ মেচসমূহ ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু তিনি অক্টোবৰত সমাপ্ত হ’ব৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ৱার্মআপ মেচসমূহ গুৱাহাটী, হায়দৰাবাদ আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব৷ ৱার্মআপ মেচসমূহৰ টিকট অহা ২৫ আগষ্টৰ পৰা বিক্রী কৰা হ’ব৷ বিশ্বকাপৰ মূল মেচত অংশ লোৱাৰ পূর্বে আয়োজক ভাৰতে দুখন ৱার্মআপ মেচত ভাগ ল’ব৷ মন কৰিবলগীয়া যে গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত চাৰিখনকৈ ৱার্মআপ মেচ অনুষ্ঠিত হ’ব আৰু ২৯ ছেপ্টেম্বৰত হ’বলগীয়া প্রথমখন মেচত শ্রীলংকাই বাংলাদেশৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ইফালে, বর্ষাপাৰাত ৩০ ছেপ্টেম্বৰত টীম ইণ্ডিয়াই ইংলেণ্ড, ২ অক্টোবৰত ইংলেণ্ডে বাংলাদেশ আৰু ৩ অক্টোবৰত শ্রীলংকাই আফগানিস্তানৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ইফালে, তিৰুৱনন্তপুৰমতো চাৰিখন ৱার্মআপ মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে হায়দৰাবাদত দুখন ৱার্মআপ মেচ অনুষ্ঠিত হ’ব৷ আটাইকেইখন ৱার্মআপ মেচ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব৷ টীম ইণ্ডিয়াৰ ৱার্মআপ মেচ দুখনৰ টিকট ৩০ আগষ্টৰ নিশা ৮ বজাৰ পৰা উপলব্ধ হ’ব৷ বিশ্বকাপৰ মূল মেচৰ লগতে ৱার্মআপ মেচসমূহৰো টিকট ‘বুক মাই শ্ব’ত উপলব্ধ হ’ব৷

You might also like