নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়ৰ অপেক্ষাত ঢকুৱাখনাৰ এহাল পিতৃ-মাতৃ

🔹 নন্দিতা শইকীয়াৰ দুবছৰীয়া মৃত্যুতিথিত মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : ২০২১ চনৰ ২১ আগষ্টত ধেমাজি চহৰৰ মাজমজিয়াত ঘাতকৰূপী ভণ্ড প্ৰেমিকৰ দাৰ আক্ৰমণত আহত হৈ ছটফটাইছিল ধেমাজি মৰিঢল কলেজৰ ছাত্ৰী ঢকুৱাখনা নৱ কাঠৰবাৰী গাঁৱৰ নন্দিতা শইকীয়া আৰু দুই আত্মীয়ই ৷ ভণ্ড প্ৰেমিক ৰণ্টু শৰ্মাৰ উপৰ্যুপৰি দাৰ ঘাপত আহত হৈ ৪ দিন মৃত্যুৰে যুঁজি ২৫ আগষ্টত নিয়তিৰ ওচৰত হাৰ মানিছিল কুৰি বছৰীয়া নন্দিতাই ৷ ৰাজ্য কঁপাই যোৱা উক্ত ঘটনাৰে জড়িত ঘাতক ৰণ্টু শৰ্মাৰ ফাঁচীৰ দাবীত ৰাজপথ উত্তাল কৰিছিল ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ৷ নন্দিতাক ন্যায় দিয়ক, ৰণ্টু শৰ্মাক ফাঁচী দিয়ক, নন্দিতাৰ হত্যাৰ বিচাৰ লাগে, ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি দোষীক শাস্তিৰ দাবীত ৰাজপথত ধৰ্ণা দিছিল বিভিন্ন দল-সংগঠনৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ ইমানৰ পিছতো দুটা বছৰে ন্যায় নাপালে নন্দিতাৰ পিতৃ-মাতৃয়ে৷ আইনৰ প্ৰতিয়েই যেন আস্থা হেৰুৱাইছে দুৰ্ভগীয়া পৰিয়ালটোৰ ৷ সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে নন্দিতাৰ পিতৃ-মাতৃয়ে এইবুলি- “মুখ্যমন্ত্ৰী মহোদয়, আমাক ন্যায় দিয়ক” ৷ আজি নন্দিতাৰ দুবছৰীয়া মৃত্যু তিথিত মুখ্যমন্ত্ৰীক জনাইছে এই আহ্বান ৷ ন্যায় পাবনে নন্দিতাৰ পৰিয়ালে ? শাস্তি হ’বনে ঘাতকৰূপী ভণ্ড প্ৰেমিকৰ ? এই প্ৰশ্নৰ উত্তৰো যেন আজি ৰঙাফিতাৰ মেৰপাকত বন্দী ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like