🔹 স্বাধীনতাৰ ৭৭ বছৰ পিছতো টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত গৈলাঘাট অঞ্চললৈ যোৱা একমাত্র পথ হৈছে জলপথ। অঞ্চলটোলৈ যাবলৈ এই জলপথৰ বাহিৰে নাই কোনো বিকল্প পথ। অঞ্চলটোত থকা বুৰুহুতি নদীৰ ওপৰত এখন দলংৰ অভাৱত নিতৌ বিপদসংকুলভাৱে পাৰাপাৰ কৰিব লগা হৈ কণ কণ ছাত্র-ছাত্ৰীৰ লগতে স্হানীয় ৰাইজে। অঞ্চলটোলৈ যাবলৈ নাই কোনো বাট-পথ, নাই কোনো দলং। এখন টুলুঙা নাৱেৰে বিপদসংকুলভাৱে কৰিব লগা হয় পাৰাপাৰ। যি সময়ত চন্দ্ৰযান-৩ য়ে মহাকাশত অৱতৰণ কৰি ইতিহাস সৃষ্টি কৰিলে, তেনে সময়তো কিন্তু জোনাইৰ এনে দৃশ্যই ‘সব কা সাথ সব কা বিকাশ’ শ্লোগান দিয়া চৰকাৰৰ বিকাশৰ শ্লোগানক উদঙাই দিলে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বুৰুহুতি নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে বাৰে বাৰে আবেদন কৰাৰ পিছতো আজিও নিৰ্মাণ নহ’ল এখন দলং। যাৰ পৰিপ্ৰেক্ষিতত কেতিয়াবা সংঘটিত হৈছে ভয়ংকৰ অঘটন। এতিয়া স্হানীয় ৰাইজৰ এটাই আহ্বান- অনতিপলমে বুৰুহুতি নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰি গৈলাঘাট অঞ্চলৰ যাতায়াত ব্যৱস্থা সুচল কৰি দিয়া।
প্ৰেৰক কৰবী দলে