🔹 আদিত্য এল–১ প্রকল্পত তেজপুৰ বিশ্ববিঃৰ জন্মেজয়
বার্তা ব্যুৰ’, ২৫ আগষ্ট : চন্দ্রযান–৩ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই এইবাৰ চলাব সূর্য অভিযান ৷ ইতিমধ্যে আদিত্য এল–১ৰ নামত মহাকাশ যান সাজু কৰি তুলিছে৷ এই মহাকাশ যানখনত নাথাকিব ইন্ধন৷ পৃথিৱী আৰু সূর্যৰ মাজত থাকি আদিত্য এল–১-এ পর্যবেক্ষণ কৰিব সূর্যক৷ উল্লেখ্য যে বিশ্বত এতিয়াও সূর্যৰ পৰা বিকিৰিত ৰশ্মি আৰু সূর্যকণা ইত্যাদি অনেক বিষয় সন্দর্ভত বহু ৰহস্য উদ্ঘাটন হ’বলৈ বাকী আছে৷ নাছাৰ উদ্যোগত কেৱল এটা এনে প্রকল্প আৰম্ভ হৈছে যদিও সূর্যৰ সন্দর্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে আন কোনো দেশে মহাকাশ যান প্রেৰণ কৰা নাই৷ ইফালে, চন্দ্রযান–৩ৰ সফলতাৰ পিছতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আদিত্য এল–১ৰ কথা ঘোষণা কৰে৷ আনহাতে, ইছৰোৰ সঞ্চালক এছ সোমনাথে জানিবলৈ দিয়া মতে, চলিত বর্ষৰ ছেপ্টেম্বৰ মাহত আদিত্য এল–১ উৎক্ষেপণৰ বাবে সাজু হৈ উঠিব৷ এহ বিৰল গৌৰৱৰ অংশীদাৰ হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ গৱেষক ছাত্র জন্মেজয় সৰকাৰ৷ তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানৰ স্নাতকত্তোৰ ডিগ্রী লাভ কৰাৰ পিছত বর্তমান তেওঁ ড০ কিশোৰ বৰুৱাৰ তত্বাৱধানত মহাকাশ গৱেষণাৰ এগৰাকী জ্যেষ্ঠ গৱেষক ছাত্র হিচাপে জড়িত হৈ আছে৷ তেওঁ আদিত্য এল–১ৰ নির্মাণকার্যত জড়িত হৈ পৰে৷ উল্লেখ্য যে কেইদিনমান পূর্বে এই মহাকাশ যানৰ নির্মাণ সম্পূর্ণ কৰি পৰীক্ষা–নিৰীক্ষাৰ অন্তত হৰিকোটাৰ উৎক্ষেপণ কেন্দ্রক অর্পণ কৰা হয়৷ এতিয়া মহাকাশ গৱেষকসকলে গভীৰ প্রত্যাশাৰে বাট চাই আছে আদিত্য এল–১ৰ উৎক্ষেপণৰ বাবে৷ ইফালে, এই অভিযান সফল হ’লে পুনৰ দেশবাসীৰ লগতে গৌৰৱান্বিত হৈ পৰিব তেজপুৰ বিশ্ববিদ্যালয়৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র চয়ন দত্ত চন্দ্রযান–৩ত জড়িত হোৱাৰ দৰে আদিত্য এল–১ত আন এগৰাকী ছাত্র জন্মেজয় সৰকাৰ জড়িত হৈ থকাৰ খবৰে সকলোকে উৎফুল্লিত কৰি তুলিছে৷
প্ৰেৰক পুলক ডেকা