নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট :মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে জিলা আয়ুক্ত দেৱাশিস শৰ্মাই। জিলা আয়ুক্তগৰাকীয়ে ভূৰাগাঁৱৰ কুপতিমাৰী আৰু বালিডোংগাত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয়। উল্লেখ্য যে এই অঞ্চল দুটাত খহনীয়াৰ অস্হায়ী প্ৰতিৰোধৰ বাবে জিলা জলসম্পদ বিভাগে জিঅ’ বেগৰ কাম অব্যাহত ৰাখিছে। আজি আবেলি খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে জিঅ’ বেগৰ কামৰ বুজ লয়। এই অঞ্চলত আৰু ১০০০ জিঅ’ বেগ আবন্টন দিয়া বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। জিলা আয়ুক্তৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কালত জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা লোচন চৌধুৰীয়ে সংগ দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে ভূৰাগাঁৱৰ কুপতিমাৰী আৰু বালিডোংগাত লুইতৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। জিলা জলসম্পদ বিভাগে অতি তৎপৰতাৰে জিঅ’ বেগ আৰু পৰ্কিউপাইন লন্সিং কৰি কিছু পৰিমাণে খহনীয়া ৰোধ কৰিবলৈ সক্ষম হয়।
প্ৰেৰক আবুল কালাম