নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৃহত্তৰ চৰাইবাহী অঞ্চলৰ মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কৃষকসকলৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে গঠিত আৰু ভাৰতীয় চৰকাৰৰ ১০ হাজাৰ FPOৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (IIE)ৰ দ্বাৰা লালিত-পালিত এই মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানৰ চৰাইবাহীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পু্ৱা ৮ বজাত প্ৰতিষ্ঠানৰ পতাকা উত্তোলন কৰে মহাবাহু কৃষক উৎপাদক প্ৰতিষ্ঠানৰ অধ্যক্ষ মানস নাথে ৷ ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে মৰিগাঁও জিলা কৃষি বিভাগৰ জালুগুটি কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া কৰিশ্মা বৰাই ৷ তদুপৰি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়ত এক আধ্যাত্মিক পৰিৱেশত এটি মাংগলিক কাৰ্য সম্পন্নৰ পিছতে এখনি আলোচনা সভা অনুষ্ঠিত হয় ৷ মহাবাহু এগ্ৰো কৃষক উৎপাদন প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া ডিবেন্দ্ৰ হাজৰিকাই আঁত ধৰা আৰু প্ৰতিষ্ঠানৰ অধ্যক্ষ মানস নাথে উদ্দেশ্য ব্যাখ্যা কৰা আলোচনা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবাহুৰ দীৰ্ঘায়ু কামনা কৰি ভাষণ প্ৰদান কৰে ক্ৰমে মৰিগাঁও জিলা কৃষি বিভাগৰ আত্মাৰ সহকাৰী প্ৰকল্প বিষয়া হীৰামণী দাস, মৰিগাঁও জিলা কৃষি বিভাগৰ লাহৰীঘাট কৃষি উন্নয়ন চক্ৰ বিষয়া জয়ন্ত চাবুকধৰা, জালুগুটি কৃষি চক্ৰ কৃষি উন্নয়ন বিষয়া কৰিশ্মা বৰা , জিলা কৃষি বিভাগৰ CSS আত্মাৰ BTM সুভাষী বৰঠাকুৰ আৰু জিলা কৃষি বিভাগৰ মাৰ্কেটিং বিষয়া ধনঞ্জয় যাদৱে ৷ উল্লেখ যে এই আলোচনা সভাতে মহাবাহু এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কৰা কাঠফুলাৰ প্ৰটিন পাউদাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অন্যতম বিষয়া প্ৰিয়ংকা হাজৰিকাই ৷

প্ৰেৰক মানস নাথ

You might also like