নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত খড়্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ

🔹 তদন্ত অব্যাহত বন বিভাগৰ
নিয়মীয়া বার্তা, ২৫ আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা খড়্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিবিৰ এলেকাৰ দীঘলী বিলত উদ্ধাৰ হৈছে উৱলি যোৱা গঁড়ৰ মৃতদেহটো ৷ কহঁৰা বনাঞ্চলৰ বন বিষয়াই জানিবলৈ দিয়া মতে, এই গঁড়টোৰ প্ৰায় পাঁচ দিন পূৰ্বে মৃত্যু হৈছিল। মৃত গঁড়টোৰ খড়্গ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই বন বিভাগে। বন বিভাগৰ মতে, গঁড়টোৰ স্বাভাৱিক কাৰণত মৃত্যু হৈছে। মৃত গঁড়ৰ খৰ্গটো বিলৰ পানীত পৰি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে । মৃত গঁড়টোৰ খড়্গৰ সন্ধানত বন বিভাগৰ লোকে অভিযান অব্যাহত ৰাখিছে যদিও উক্ত ঠাই অধিক গভীৰ হোৱা বাবে খড়্গ বিচৰাত সমস্যাৰ সৃষ্টি হৈছে। উল্লেখ্য যে চলিত বৰ্ষত এনেদৰে স্বাভাৱিক কাৰণত কেইবাটাও গঁড়ৰ মৃত্যু হৈছে যদিও খড়্গবিহীন মৃত গঁড় উদ্ধাৰ হোৱা চলিত বৰ্ষত প্ৰথম বুলি বনাঞ্চলিক বিষয়াই সাংবাদিকক জানিবলৈ দিয়ে। ইতিমধ্যে পশু চিকিৎসকে মৃত গঁড়টোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত উদ্যানখনত স্বাভাৱিকভাৱে মৃত্যু হোৱা খড়্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত নিখোজ হোৱা খৰ্গৰ সৈতে কেইবাগৰাকী স্থায়ী-অস্থায়ী বনকৰ্মী জড়িত হোৱাৰ তথ্য লাভ কৰিছিল বন বিভাগে। এই ক্ষেত্ৰত তদন্ত কৰি বন বিভাগে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল খৰ্গৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত বনকৰ্মীক।
প্ৰেৰক ৰঞ্জিত ৰজক
You might also like