নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি স্বৰূপে আজি নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ঢকুৱাখনা মহকুমাৰ নিৰ্বাচনী বিষয়াই মহকুমাটোৰ ২১ খন পঞ্চায়তৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি ৩.৩০ বজাত এক সংবাদ মেল যোগে ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিশ্বজিৎ দত্ত আৰু সহকাৰী আয়ুক্ত জানুমা সোণোৱালে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ তথ্য অনুসৰি, ২১ খন গাঁও পঞ্চায়ত সামৰি যুগুত কৰা পঞ্চায়ত নিৰ্বাচন-২০২৩ৰ খচৰা ভোটাৰ তালিকা মতে ঢকুৱাখনা মহকুমাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৪১৪০৮গৰাকী। ইফালে, মহকুমাটোৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ৭০৯২৯গৰাকীৰ বিপৰীতে মুঠ মহিলা ভোটাৰৰ সংখ্যা হ’ল ৭০৪৭৯ গৰাকী। উল্লেখ্য যে এই খচৰা ভোটাৰ তালিকাখন ঢকুৱাখনা মহকুমাৰ প্ৰতিটো গাঁও পঞ্চায়ত কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত গৈ প্ৰতিজন ভোটাৰে নিজৰ নিজৰ নাম, তথ্য আদি শুদ্ধকৈ আছে নে নাই চাব পাৰিব । তদুপৰি মোবাইল বা কম্পিউটাৰযোগে http://ermssec.assam.gov.in ৱেবছাইটৰ জৰিয়তেও ভোটাৰ ৰাইজে নিজৰ নিজৰ নাম, তথ্য আদি চাব পাৰিব। অন্যহাতে, ভোটাৰৰ কিবা ওজৰ-আপত্তি থাকিলে নিজৰ সমষ্টিৰ সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া, নিৰ্বাচন পঞ্জীয়ন বিষয়া অথবা মহকুমাধিপতি কাৰ্যালয়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনায় প্ৰশাসনিক বিষয়াদ্বয়ে। পঞ্চায়ত নিৰ্বাচন- ২০২৩ৰ বাবে ঢকুৱাখনা মহকুমাৰ ৩টা জিলা পৰিষদ সমষ্টিৰ ভিত্তিত ৩জন ই আৰ অ’ নিয়োগ কৰা হৈছে। সেই অনুসৰি ঘিলামৰা জিলা পৰিষদ সমষ্টিৰ বাবে ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাগ্যশ্ৰী ডেকা , ঢকুৱাখনা জিলা পৰিষদ সমষ্টিৰ বাবে ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত, আৰু হাৰ্হি জিলা পৰিষদ সমষ্টিৰ বাবে জলসম্পদ বিভাগৰ চিচি কলঘৰ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগুক দায়িত্ব অৰ্পণ কৰা হৈছে।
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি