নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবিনেট বৈঠকৰ ৰিপ’ৰ্ট কার্ড দাখিল মুখ্যমন্ত্ৰী ড০ শর্মাৰ

🔹 ৯৯খন কেবিনেটত গৃহীত ১,২৩৮ সিদ্ধান্তৰ ১,২১৭টাই কার্যকৰী

🔹 আঢ়ৈ বছৰত অসমৰ আর্থ-সামাজিক–ৰাজনৈতিক জীৱনলৈ পৰিৱর্তন আহিছে– ড০ শর্মা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ আগষ্ট : ৰাজ্যৰ প্রশাসনিক ব্যৱস্থাৰ ইতিহাসত আন এক নজিৰ সৃষ্টি কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বর্তমানৰ চৰকাৰৰ কার্যকালত কেবিনেটে গ্রহণ কৰা সিদ্ধান্তসমূহৰ কিমান কার্যকৰী কৰিলে আৰু কিমান কার্যকৰী হোৱাৰ পথত আছে, তাৰ ৰিপ’ৰ্ট কার্ড দাখিল কৰে৷ উল্লেখ্য যে ২০২১ চনৰ ১০ মে’ত ড০ শর্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছৰে পৰাই প্রত্যেক সপ্তাহত কেবিনেট বৈঠকৰ ব্যৱস্থা কৰে৷ এই কেবিনেট অকল গুৱাহাটীতে সীমাবদ্ধ নাৰাখি বিভিন্ন জিলাত আয়োজনৰ ব্যৱস্থা কৰে৷ তদুপৰি প্রত্যেকখন কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে কেবিনেটে গ্রহণ কৰা সিদ্ধান্তসমূহো ৰাইজক অৱগত কৰোৱাৰ পদক্ষেপ হাতত লয়৷ আজি ড০ শর্মা চৰকাৰৰ ১০০সংখ্যক কেবিনেট অনুষ্ঠিত হয়৷ ১০০সংখ্যক কেবিনেট অনুষ্ঠিত হোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে এখন পুস্তিকাৰ জৰিয়তে কেবিনেট সিদ্ধান্তসমূহৰ ৰূপায়ণৰ অগ্রগতি সম্পর্কে প্রকাশ কৰে৷ এই সন্দর্ভত এক সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়- আজিৰ কেবিনেটক বাদ দি পূর্বৰ ৯৯খন কেবিনেটত মুঠ ১,২৩৮টা সিদ্ধান্ত গ্রহণ কৰা হয়৷ ইয়াৰে ১,২১৭টা সিদ্ধান্ত সম্পূর্ণ বা আংশিকভাৱে কার্যতঃ ৰূপায়ণ কৰিব পাৰিছোঁ৷ কেবিনেটৰ সিদ্ধান্ত ৰূপায়ণৰ হাৰ ৯৮ শতাংশ৷ বর্তমানৰ ৰাজ্য চৰকাৰৰ দুই বছৰ চাৰি মাহৰ কার্যকালত অসমৰ আৰ্থ-সামাজিক বা ৰাজনৈতিক জীৱনলৈ পৰিৱর্তন অনাৰ বাবে প্রয়াস আৰু প্রচেষ্টা চলোৱা হৈছে৷ তাৰ বাবে বিশেষ কর্মযজ্ঞ আৰম্ভ কৰা হয়৷ পাৰদর্শিতাৰ উৎকৃষ্টতম আদর্শ প্রস্তুতৰ বাবে কেবিনেটৰ প্রতিটো সিদ্ধান্ত লিপিবদ্ধ কৰা হৈছে৷ পূর্বতে কোনো চৰকাৰে এনে পদক্ষেপ লোৱা নাছিল৷ কেবিনেটৰ সিদ্ধান্ত কার্যকৰীকৰণৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে কিছুমান সিদ্ধান্ত কার্যকৰী কৰোঁতে সময়ৰ প্রয়োজন হয়৷ এইক্ষেত্রত উদাহৰণ হিচাপে তেওঁ কয় যে কেবিনেটে ঘূণাসুঁতিত দলং নির্মাণৰ সিদ্ধান্ত লৈছে৷ কিন্তু দুটা বছৰত সেই কাম সম্পূর্ণ নহয়৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে দুই বছৰ চাৰি মাহতে ১০০খন কেবিনেট অনুষ্ঠিত কৰিব পৰাটো এক বিৰল আৰু ঐতিহাসিক ঘটনা৷ ২০০২–০৪ চনলৈ ৫২খন কেবিনেট অনুষ্ঠিত হৈছিল৷ ২০০৫–০৭লৈ ৫০খন, ২০০৭–১১লৈ পাঁচ বছৰত ৫২খন, ২০১১–১৪লৈ তিনি বছৰত ৩৫খন, ২০১৫–১৭লৈ ৩৭খন, ২০১৭–২০লৈ ৩১খন আৰু ২০২০–২১ বছৰটোত সাতখন কেবিনেট অনুষ্ঠিত হৈছিল৷ ২০০২ৰ পৰা ২০২১লৈ সুদীর্ঘ ২০ বছৰত ২৬৪খন কেবিনেট হোৱাৰ বিপৰীতে দুই বছৰ চাৰি মাহত আমি ১০০খন কেবিনেট অনুষ্ঠিত কৰিব পাৰিলোঁ৷ আমাৰ চৰকাৰৰ কার্যকালত ২০ বছৰৰ পৰিসংখ্যাক অতিক্রম কৰিব পাৰিম বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ সেইদৰে আজি ব্রহ্মপুত্র অতিথিশালাত অনুষ্ঠিত কেবিনেটখন আটাইতকৈ দীঘলীয়া কেবিনেট বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিৰ কেবিনেট দিনৰ ১১ বজাত আৰম্ভ হয় আৰু বিয়লি ৪.১০-৪.১৫ বজালৈ চলে৷

You might also like