🔹 নতুন ভৌগোলিক পৰিসীমাৰে হোজাই–বিশ্বনাথ–তামুলপুৰ-বজালী জিলা পুনৰ গঠন
🔹 ২৪ মহকুমাৰ বিলুপ্তি ঘটাই ৮১খন উপ–জিলা গঠন
🔹 বিধৱা পেন্সনৰ ধন অৰুণোদয়ৰ সমানে বৃদ্ধি
🔹 মোদী স্বচ্ছ জিলা পুৰস্কাৰ পাব আটাইতকৈ স্বচ্ছ জিলাই, লাভ কৰিব ১০০ কোটি টকা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ আগষ্ট : যোৱা বছৰ ৩১ ডিচেম্বৰত বিলুপ্তি ঘটোৱা হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালী জিলা নতুন ভৌগোলিক পৰিসীমাৰে আজি নতুনকৈ গঠন কৰে৷ গুৱাহাটীৰ খাৰঘুলিস্থিত ব্রহ্মপুত্র অতিথিশালাত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বর্তমানৰ চৰকাৰখনৰ ১০০সংখ্যক কেবিনেট বৈঠকে উক্ত চাৰিখন জিলা পুনৰ গঠনৰ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেট বৈঠকৰ অন্তত এক সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা বছৰ উক্ত জিলা চাৰিখন সাময়িকভাৱে বিলুপ্তি ঘটোৱাৰ সময়ত তেওঁ নির্ধাৰিত সময়ত, শুদ্ধ সময়ত জিলাকেইখন পুনৰ গঠন কৰিব বুলি কৈছিল৷ সেই অনুসৰি আজিৰ কেবিনেটে জিলা চাৰিখন নতুন ভৌগোলিক সীমাৰে গঠনৰ সিদ্ধান্ত লয়৷ ৰাজ্যখনত সমষ্টি পুনৰ নির্ধাৰণ হৈ যোৱাৰ পিছত এতিয়া বিন্নাকান্দি, লামডিং আৰু হোজাই বিধানসভা সমষ্টিক লৈ হোজাই জিলাখন গঠন কৰা হৈছে৷ জিলাখনৰ সদৰ হ’ব শংকৰদেৱ নগৰ৷ সেইদৰে বিশ্বনাথ, গহপুৰ আৰু বিহালী সমষ্টিক লৈ নতুন ভৌগোলিক পৰিসীমাৰে বিশ্বনাথ জিলা গঠন কৰা হৈছে৷ পূর্বৰ বিশ্বনাথ জিলাত চতিয়াৰ এটা অংশ আছিল যদিও নতুন বিশ্বনাথ জিলাত চতিয়াৰ সেই অঞ্চলসমূহ নাথাকে৷ একেদৰে তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিক লৈ তামুলপুৰ জিলা গঠন কৰা হৈছে৷ অনুৰূপ ধৰণে বজালী আৰু ভৱানীপুৰ–সৰভোগ বিধানসভা সমষ্টিক লৈ বজালী জিলা গঠন কৰা হৈছে৷ ইপিনে, আজিৰ কেবিনেটে ২৪টা মহকুমাৰ বিলুপ্তি ঘটাই ৮১খন উপ–জিলা গঠনৰ প্রস্তাৱত অনুমোদন জনায়৷ একোগৰাকী অতিৰিক্ত উপায়ুক্তৰ তত্ত্বাৱধানত থাকিব উপ–জিলাসমূহ৷ নতুনকৈ গঠন কৰিবলৈ লোৱা ৮১খন উপ–জিলা হৈছে– ধুবুৰী জিলাৰ গোলকগঞ্জ, গৌৰীপুৰ, বীৰছিংজৰুৱা আৰু বিলাসীপাৰা, গোৱালপাৰা জিলাৰ জলেশ্বৰ, গোৱালপাৰা পশ্চিম, দুধনৈ, বঙাইগাঁও জিলাৰ অভয়াপুৰী, সৃজনগ্রাম, বৰপেটা জিলাৰ ভৱানীপুৰ–সৰভোগ, মন্দিয়া, চেঙা, পাকা–বেতবাৰী, কামৰূপ জিলাৰ ছমৰীয়া, বকো–ছয়গাঁও, পলাশবাৰী, ৰঙিয়া, কমলপুৰ, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ, ডুমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী, নলবাৰী জিলাৰ বৰক্ষেত্রী, টিহু, দৰং জিলাৰ ছিপাঝাৰ, দলগাঁও, মৰিগাঁও জিলাৰ জাগীৰোড, লাহৰীঘাট, নগাঁও জিলাৰ ধিং, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, ৰহা, হোজাই জিলাৰ বিন্নাকান্দি, লামডিং, শোণিতপুৰ–বিশ্বনাথ জিলাৰ ঢ়েকীয়াজুলি, বৰছলা, ৰঙাপৰা, নদুৱাৰ, বিহালী, গহপুৰ, লখিমপুৰ জিলাৰ বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, ঢকুৱাখনা, ধেমাজি জিলাৰ চিচিবৰগাঁও, জোনাই, তিনিচুকীয়া জিলাৰ শদিয়া, ডুমডুমা, মার্ঘেৰিটা, ডিগবৈ, মাকুম, ডিব্রুগড় জিলাৰ চাবুৱা–লাহোৱাল, খোৱাং, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, চৰাইদেউ জিলাৰ মাহমৰা, শিৱসাগৰ জিলাৰ ডিমৌ, নাজিৰা, যোৰহাট জিলাৰ টীয়ক, মৰিয়নি, তিতাবৰ, গোলাঘাট জিলাৰ দেৰগাঁও, বোকাখাত, খুমটাই, সৰুপথাৰ, কাছাৰ জিলাৰ লক্ষীপুৰ, উদৰবন্দ, কাটিগড়া, বৰখলা, সোণাই, ধলাই, হাইলাকান্দি জিলাৰ আলগাপুৰ, কাটলিচেৰা, কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ দক্ষিণ, পথাৰকান্দি, ৰামকৃষ্ণনগৰ৷ সেইদৰে সদৰ উপ–জিলা হিচাপে গঠন কৰা হৈছে ধুবুৰী, দক্ষিণ শালমাৰা, পূব গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, হাজো–শুৱালকুছি, বজালী, গুৱাহাটী চেন্ট্রেল, নলবাৰী, মঙলদৈ, মৰিগাঁও, নগাঁও–বটদ্রৱা, তেজপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্রুগড়, সোণাৰি, শিৱসাগৰ, যোৰহাট, গোলাঘাট, শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ উত্তৰ৷ ষষ্ঠ অনুসূচীৰ অধীনস্থ জিলাসমূহৰ ক্ষেত্রত উপ–জিলা গঠনৰ বিষয়টো পৰৱর্তী পর্যায়ত কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ তেওঁ আৰু কয় যে সদৰ উপ–জিলাসমূহ জিলা আয়ুক্তৰ প্রত্যক্ষ তত্ত্বাৱধানত চলিব৷ বাকী উপ–জিলাসমূহত এগৰাকী অতিৰিক্ত উপায়ুক্ত, এগৰাকী মহকুমাধিপতি, চক্র বিষয়া, খণ্ড উন্নয়ন বিষয়া থাকিব৷ উপ–জিলা গঠনৰ অধিসূচনা দুই–এদিনতে প্রকাশ পাব যদিও অহা ১ জানুৱাৰীৰ পৰা এই নতুন প্রশাসনিক ব্যৱস্থা কার্যকৰী হ’ব৷ উপ–জিলাসমূহত গড়কাপ্টানী, জলসিঞ্চন, শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, মীন, পশুপালন, কৃষি আদিকে ধৰি সকলো চৰকাৰী কার্যালয় থাকিব৷ প্রতিটো বিধানসভা সমষ্টিকে উপ–জিলা হিচাপে লৈ গঠন কৰা এই নতুন প্রশাসনিক ব্যৱস্থা গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে৷ ইপিনে, আজিৰ কেবিনেটে ৰাষ্ট্রীয় বিধৱা পেন্সন আঁচনিত প্রতিমাহে ৩০০ টকাকৈ দি অহা হৈছে যদিও এতিয়াৰে পৰা আৰু অতিৰিক্ত ৯৫০ টকাকৈ দি সেই ধনৰ পৰিমাণ অৰুণোদয় হিতাধিকাৰীয়ে মাহে লাভ কৰা ১২৫০ টকাৰ সমান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ একেদৰে ক্রীড়া মহাৰণৰ সমান্তৰালভাৱে সংগীত মহাৰণ অনুষ্ঠিত কৰাৰ বাবেও আজিৰ কেবিনেটে অনুমোদন জনায়৷ অনুৰূপ ধৰণে আজিৰ কেবিনেটে ছেমি কণ্ডাক্টৰ পলিচীত অনুমোদন জনায়৷ আগশাৰীৰ ৰাজ্য গুজৰাট, উত্তৰ প্রদেশ, ওড়িশা আদিয়ে ছেমি কণ্ডাক্টৰ পলিচী কেতিয়াবাই কৰিছে যদিও অসমে কৰা নাছিল৷ এতিয়া অসমেও যাতে সেই প্রতিযোগিতাত অত্যন্ত সক্রিয়ভাৱে আগবাঢ়ি যাব পাৰে, তাৰ বাবে আছাম ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিং এণ্ড ইলেকট্রনিক মেনুফেকচাৰিং পলিচীত অনুমোদন জনায়৷ ইয়াৰ ফলত কোনো উদ্যোগপতিয়ে অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি আহিলে ৰাজসাহায্য আদি লাভ কৰিব৷ সেইদৰে আজিৰ কেবিনেটে নতুন ৰুলছ অৱ এগজিকিউটিভ বিজনেছতো অনুমোদন জনায়৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰ এখন ৰুলছ অৱ এগজিকিউটিভ বিজনেছৰ ওপৰতো চলি থাকে৷ কিন্তু ব্রিটিছৰ দিনতেই যুগুতোৱা ৰুলছ অৱ এগজিকিউটিভ বিজনেছৰ ইমানদিন মুখ্যতঃ পৰিৱর্তন হোৱা নাছিল৷ সেয়ে আজিৰ কেবিনেটে নতুন ৰুলত অনুমোদন জনায়৷ সেই অনুসৰি মন্ত্রী, মুখ্যমন্ত্রী, মুখ্য সচিব আদিৰ দায়িত্ব লিপিবদ্ধ হ’ব৷ প্রশাসনিক সংস্কাৰৰ ক্ষেত্রত এই সিদ্ধান্তই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ ইফালে, আজিৰ কেবিনেটে স্বচ্ছতাৰ ক্ষেত্রত বিশেষ পাৰদর্শিতা প্রদর্শন কৰা জিলাক মোদী স্বচ্ছ জিলা পুৰস্কাৰ আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ আটাইতকৈ স্বচ্ছ জিলা হিচাপে পৰিগণিত হোৱা জিলাখনে এই পুৰস্কাৰ হিচাপে লাভ কৰিব ১০০ কোটি টকা৷ অৱশ্যে ইয়াৰ বাবে সংশ্লিষ্ট জিলাখনে সুনির্দিষ্ট কৰি দিয়া ১০৮টা বৈশিষ্ট্য পূৰণ কৰিব লাগিব৷ ইফালে, গুৱাহাটী মহানগৰীত ২,৬০০টা চি চি টিভি কেমেৰা সংস্থাপনৰ বাবে আজিৰ কেবিনেটে ২৩০ কোটি টকা অনুমোদন জনায়৷ চলিত বিত্তীয় বর্ষতে এই কাম সম্পূর্ণ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷