নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ বিৰসিং জৰুৱাক উপ-জিলা ৰূপে গঠনক লৈ উৎফুল্লিত অঞ্চলবাসী

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত অসম চৰকাৰৰ শততম কেবিনেট বৈঠকত ধুবুৰী জিলাত মুঠ চাৰিখন উপ-জিলা গঠনকে ধৰি জিলাখনৰ বিৰসিং জৰুৱা অঞ্চলকো উপ-জিলা হিচাপে গঠনৰ বাবে লোৱা সিদ্ধান্তক লৈ এতিয়া আশাবাদী হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ। অসম চৰকাৰৰ এই সিদ্ধান্তই দুৰ্গম, পিছপৰা অঞ্চলটোত এক সুদূৰপ্ৰসাৰী আৰু ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। প্ৰশাসন যন্ত্ৰৰ সুফল গ্ৰামাঞ্চলৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোৱা এই সিদ্ধান্ত আদৰণীয় বুলিয়েই বিবেচিত হৈছে। উল্লেখনীয় এয়াও যে অঞ্চলটোৰ দুৰ্গম আৰু উপযুক্ত আন্তঃগাঁথনি নথকাৰ গইনা লৈ দীৰ্ঘদিনৰ পৰা ধুবুৰী চহৰৰ পৰাই চলাই অহা হৈছে বিৰসিং জৰুৱা আঞ্চলিক পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কাম-কাজ। ফলত সাধাৰণ এটা কামৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে তাঁতবাটি কাঢ়িবলগীয়া হৈ আছে চহৰখনৰ ১নং ৱাৰ্ডস্থিত বিৰসিং জৰুৱা আঞ্চলিক পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ। এই লৈ বিৰসিং জৰুৱাবাসীৰ মনত দীৰ্ঘদিনীয়া এটা ক্ষোভো আছে। তাৰ পৰিপ্ৰেক্ষিতত আগলৈ গৈ অনুৰূপ ধৰণে ধুবুৰী চহৰৰ পৰাই বিৰসিং জৰুৱা উপ-জিলাৰ প্ৰশাসনীয় কাম-কাজ চলোৱাৰ বাবে ধুৰন্ধৰ একাংশ বিষষা-কৰ্মচাৰীয়ে অভিসন্ধি ৰচিব পাৰে বুলি সন্দেহ কৰা হৈছে আৰু বিষয়টোক লৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তীক্ষ্ম নজৰ ৰাখিব বুলি আশা কৰিছে অঞ্চলটোৰ ৰাইজে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like