🔹 এপিডিচিএলৰ মৰণফান্দত প্ৰাণহানি এজনৰ; গুৰুতৰভাৱে আহত এজন
নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : ধুবুৰীত অসম শক্তি বিতৰণ বিভাগ (চমুকৈ এপিডিচিএল)ৰ বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে আন এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, কালি বিয়লি ধুবুৰীৰ চহৰৰ পাৰ্শ্বৱৰ্তী বগুলামাৰী অঞ্চলত এপিডিচিএলৰ বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি থকা অৱস্থাত জাকিৰ হুছেইন আৰু কুদ্দুছ আলী নামৰ শ্ৰমিক দুগৰাকী বিদ্যুৎস্পৃষ্ট হয়। শোকাৱহ সেই ঘটনাটোত জাকিৰ হুছেইনৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত কুদ্দুছ আলীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। মৃত জাকিৰ হুছেইনৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সাহেবগঞ্জৰ নৈছাৰকুটি গাঁৱত। আনহাতে কুদ্দুছ আলীৰ ঘৰ গৌৰীপুৰৰেই নৈচাৰকুটি তাৰিয়া গাঁৱত। ইপিনে, কালিৰ সেই শোকাৱহ দুৰ্ঘটনাটোৰ পিছত এপিডিচিএলৰ ঠিকাদাৰগৰাকীয়ে কামটো জনৈক মঞ্জিল নামৰ ব্যক্তিগৰাকীক উপ-ঠিকাত দিয়া বুলি অভিযোগ উঠিছে। সমান্তৰালকৈ উপ-ঠিকাদাৰ মঞ্জিলৰ গাফিলতিৰ বাবেই জাকিৰৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে দুৰ্ভগীয়া যুৱকজনৰ পৰিয়ালে। আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত মৃত জাকিৰ হুছেইনক নিয়া হয় নিজ গৃহলৈ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী