নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাত কংগ্ৰেছে ৯ আসন পালে পদত্যাগ কৰিব মৃণাল শইকীয়াই

🔹 কংগ্ৰেছক প্ৰত্যাহ্বান জনাই সংবাদ মাধ্যমলৈ লিখিত পদত্যাগ পত্ৰ

🔹 লোকসভাত ৯খন আসন কংগ্ৰেছৰ অলীক কল্পনা

বিশেষ বাৰ্তা, ২৬ আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছে ৯খন আসন লাভ কৰিলে বিধায়ক পদ ত্যাগ কৰিব খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই। ‘নিউজ লাইভ’ৰ কাৰ্যবাহী সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ এক অনুষ্ঠানত খুমটাইৰ বিধায়কগৰাকীয়ে কালি সন্ধিয়া ঘোষণা কৰিছিল যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দাবী কৰা ধৰণে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৯খন আসন লাভ কৰিলে তেওঁ লগে লগে পদত্যাগ কৰিব। মৃণাল শইকীয়াৰ এনে বিস্ফোৰণক লৈ আজি কংগ্ৰেছ দলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে মৃণাল শইকীয়াই মুখেৰে ক’লে নহ’ব, লিখিত পদত্যাগ পত্ৰ দিব লাগিব। কংগ্ৰেছ নেতৃত্বক প্ৰত্যাহ্বান জনাই বিধায়ক শইকীয়াই সমূহ সংবাদ কৰ্মীক উদ্দেশ্যি লিখিত পদত্যাগ পত্ৰ দিয়ে। ইয়াৰ পিছতে বিধায়ক শইকীয়াই কংগ্ৰেছক প্ৰত্যাহ্বান জনাই কয় যে লোকসভা নিৰ্বাচনত ৯খন আসন পাম বুলি ভবাটো কংগ্ৰেছৰ অলীক কল্পনা । আনহাতে, গৌৰৱ গগৈয়ে কাজিৰঙা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ভয় খাইছে বুলি মন্তব্য কৰে বিধায়ক মৃণাল শইকীয়াই ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলে ১২টা সমষ্টিতে জয়লাভ কৰিব বুলি বিধায়ক শইকীয়াই দাবী কৰে ৷

You might also like