নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ ছেভেন ছিষ্টাৰ হস্পিতালত অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ মুকলি

বাৰ্তা ব্যুৰ, ২৬ আগষ্ট : গোৱালপাৰা চহৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ছেভেন ছিষ্টাৰ হস্পিতালত আজি অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ এটা মুকলি কৰা হয়। এই উপলক্ষে চিকিৎসালয়খনত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত গোৱালপাৰা জিলাৰ সহকাৰী আয়ুক্ত ঋতুৰাজ দাস, ঔষধ পৰিদৰ্শক সংগীতা নাথ, মাঝাৰ ভূঞা, ছেভেন ছিষ্টাৰ হস্পিতালৰ পৰিচালন সঞ্চালক আলতাফ হুছেইন আহমেদ, সঞ্চালক বেনাজিৰ ৰহমানৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। উদ্বোধনী ভাষণত চিকিৎসালয়খনৰ পৰিচালন সঞ্চালক আলতাফ হুছেইন আহমেদে কয় যে যদিও চিকিৎসালয়খনৰ লগত ব্যৱসায় জড়িত আছে, তথাপি আমি ব্যৱসায়টো আঁতৰত ৰাখি মানৱ সেৱাত গুৰুত্ব দি আহিছোঁ ৷ বহিঃৰাজ্যলৈ লাখ লাখ টকা খৰচ কৰি চিকিৎসা কৰিব যোৱাতকৈ গোৱালপাৰাত অত্যাধুনিক অস্ত্ৰোপ্ৰচাৰ কক্ষ স্থাপন কৰি ৰাইজক কিছু সকাহ দিয়াৰ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে। উল্লেখ্য যে আজি মুকলি কৰা অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষটোৰ বিশেষত্ব হৈছে যে ফেজ লেমিনাৰ এয়াৰফ্লোযুক্ত এটা অস্ত্ৰোপচাৰ কক্ষ। লেমিনাৰ ফ্লো হুড এখনত বায়ু এটা হেপা ফিল্টাৰৰ মাজেৰে পাৰ হৈ যায়, যি অস্ত্ৰোপচাৰৰ সময়ত বীজাণুমুক্ত স্থিতি বজাই ৰাখিবলৈ সকলো বায়ুবাহিত দূষিতকৰণ আঁতৰ কৰে। তদুপৰি অস্ত্ৰোপচাৰ কক্ষত সংলগ্ন কৰা হৈছে সম্পূৰ্ণ স্বয়ংক্ৰিয় হাৰমেটিকেলি চীলড স্লাইডিং দুৱাৰ।
প্ৰেৰক উদিত নাৰায়ণ কলিতা
You might also like