নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ আৱাহন থিয়েটাৰৰ ড° ভবেন্দ্ৰ নাথ শ‍ইকীয়া বঁটা

🔹 এয়া মোৰ জীৱনৰ সৰ্বোৎকৃষ্ট প্ৰাপ্তি : প্ৰাঞ্জল শইকীয়া

নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট : ‘আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ে বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ নিচিনা এগৰাকী যোগ্য উত্তৰাধিকাৰীৰ হাতত আৱাহন থিয়েটাৰ প্ৰদান কৰাত মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ৷’- প্রথিতযশা সাহিত্যিক, নাট্যকাৰ, নাট পৰিচালক ড° ভবেন্দ্ৰ নাথ শ‍ইকীয়াৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে আৱাহন থিয়েটাৰে প্রদান কৰি অহা ড° ভবেন্দ্ৰ নাথ শ‍ইকীয়া বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ বৰেণ্য অভিনেতা, নাট পৰিচালক, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক প্ৰাঞ্জল শইকীয়াই ৷ ২৫ আগষ্টৰ নিশা পাঠশালাস্থিত ভগৱতী ক্ষেত্ৰত আৱাহন থিয়েটাৰৰ ৪৪ সংখ্যক নাট্যবৰ্ষৰ শুভ উদ্বোধনী অনুষ্ঠানত ২০২৩ বৰ্ষৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা গ্ৰহণ কৰি অভিনেতাগৰাকীয়ে আৰু কয় যে এই বঁটা লাভ কৰিব পৰাটো তেওঁৰ জীৱনৰ বাবে আটাইতকৈ সুখৰ মুহূৰ্ত৷ এয়া তেওঁৰ জীৱনৰ সৰ্বোৎকৃষ্ট প্ৰাপ্তি বুলি মন্তব্য কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ সতে নিজৰ স্মৃতি ৰোমন্থন কৰে৷ লেখক তথা ৰংগবেদিকাৰ সম্পাদক পুলু কুমাৰ শৰ্মাই আঁত ধৰা আৰু আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত ৪৪ সংখ্যক নাট্য বৰ্ষৰ মঞ্চ ফিতা কাটি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ অনুষ্ঠানত পুলু কুমাৰ শৰ্মা আৰু গোপাল জালান সম্পাদিত আৱাহন থিয়েটাৰৰ ৪৪সংখ্যক বৰ্ষৰ মুখপত্ৰ “ৰংগবেদিকা” উন্মোচন কৰে বিশিষ্ট উদ্যোগপতি অনুপম শৰ্মাই৷ আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয় আৰু প্ৰযোজক প্ৰস্তুতি পৰাশৰে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰী আমোলা ৰবেন্দ্ৰ কুমাৰ দাস, স্বাস্থ্য সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক পৰেশ ৰয়, পাঠশালা পৌৰসভাৰ পৌৰপতি জলী চৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে নাট্যদলটিলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ “অৰ্ধাংগিনী” নাটকেৰে পাঠশালাৰ ভগৱতী ক্ষেত্ৰত আৱাহন থিয়েটাৰৰ এই বৰ্ষৰ শুভ নাট্যাৰম্ভ হয়৷ উল্লেখযোগ্য যে ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে আৱাহন থিয়েটাৰে বিগত ২০০৮ বৰ্ষৰ পৰা প্ৰদান কৰি আহিছে ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা৷ ২০২৩ বৰ্ষৰ এই বঁটা প্ৰদান কৰে প্ৰাঞ্জল শইকীয়ালৈ৷ এই বঁটাত আছে অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ, আৱাহনৰ প্ৰতীকপটৰ লগতে নগদ দহ হাজাৰ টকা৷ ২০০৮ বৰ্ষত পোন প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰক আৰু ইয়াৰ পিছত ক্ৰমে ২০০৯ বৰ্ষত আদ্য শৰ্মা, ২০১০ বৰ্ষত অনুপমা ভট্টাচাৰ্য, ২০১১ বৰ্ষত বিশিষ্ট সংগীতজ্ঞ, নাট্য পুৰোধা ৰত্ন ওজা, ২০১২ বৰ্ষত পদ্মশ্ৰী তথা নাট্যাচাৰ্য যতীন গোস্বামী, ২০১৩ বৰ্ষত বিশিষ্ট চলচ্চিত্ৰ অভিনেতা, পৰিচালক আব্দুল মজিদ, ২০১৪ বৰ্ষত বিশিষ্ট বাঁহীবাদক তথা সংগীত নাটক একাডেমী বঁটাপ্ৰাপক প্ৰভাত শৰ্মা, ২০১৫ বৰ্ষত প্ৰথিতযশা নাট্যকাৰ অৰুণ শৰ্মা, ২০১৬ বৰ্ষত বিশিষ্ট নাট আৰু চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱা, ২০১৭ বৰ্ষত কলা নিৰ্দেশক তথা সংগীত নাটক একাডেমী বঁটাপ্ৰাপক নুৰুদ্দিন আহমেদ, ২০১৮ বৰ্ষত বিশিষ্ট সংগীতজ্ঞ দশৰথ দাস, ২০১৯ বৰ্ষত বিশিষ্ট অভিনেতা নিপন গোস্বামী, ২০২১ বৰ্ষত বিশিষ্ট নাট্যকাৰ হেমন্ত দত্ত আৰু ২০২২ বৰ্ষত বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাক প্ৰদান কৰিছে আৱাহন থিয়াটাৰৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা৷

প্ৰেৰক কল্যাণ কলিতা

You might also like