নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত বিকাশ পৰিষদ যোৰহাট শাখাৰ ৰাষ্ট্ৰীয় সমৱেত সংগীত প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট : ভাৰত বিকাশ পৰিষদৰ যোৰহাট শাখাৰ পৰিচালনাত ২৬ আগষ্টত ৰাষ্ট্ৰীয় সমৱেত সংগীত প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈ যায়। এই উপলক্ষে পুৱা ভাৰতমাতা আৰু স্বামী বিবেকানন্দ তথা প্ৰয়াত মৃদুষ্মিতা বেজবৰুৱা আৰু প্ৰয়াত মনোৰমা চেতিয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে ক্ৰমে সভাপতি দিলীপ শৰ্মা, সদস্য দিলীপ বেজবৰুৱাৰ পৰিয়ালবৰ্গ আৰু অৰুণ গোস্বামীয়ে। উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক অজিত বৰাই দেশাত্মবোধৰ চেতনা জাগৃত কৰাই প্ৰতিযোগিতাখনৰ মূল কথা বুলি উল্লেখ কৰে। প্ৰতিযোগিতাত হিন্দী, সংস্কৃত আৰু অসমীয়া দেশপ্ৰেমমূলক সংগীতৰ উভয় শাখাতে ক্ৰমে মহৰ্ষি বিদ্যামন্দিৰে প্ৰথম, বাল্যভৱনে দ্বিতীয় আৰু শংকৰদেৱ বিদ্যা নিকেতনে তৃতীয় স্থান লাভ কৰে। অনুষ্ঠানটোত শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হোৱা কাৰ্মেল আৰু হেমলতা বিদ্যালয়ক বিশেষ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। দিলীপ শৰ্মাই সভাপতিত্ব কৰা বঁটা বিতৰণী সভাৰ আঁত ধৰে সাৱিত্ৰী বৰদলৈয়ে। প্ৰথম স্থানপ্ৰাপ্ত মহৰ্ষি বিদ্যামন্দিৰক মৃৃদুষ্মিতা বেজবৰুৱা সোঁৱৰণী চলন্ত বঁটা আৰু মনোৰমা চেতিয়া সোঁৱৰণী চলন্ত বঁটা প্ৰদান কৰে ক্ৰমে দিলীপ বেজবৰুৱাৰ পৰিয়ালবৰ্গ আৰু অৱনী মোহন চেতিয়াই। প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰিছিল ক্ৰমে মিহিৰ বেজবৰুৱা, মৈত্ৰেয়ী শৰ্মা আৰু সুমন্ত পৰাশৰে। উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰা মহৰ্ষি বিদ্যা মন্দিৰে অহা ৮ অক্টোবৰত সাংস্কৃতিক নগৰ যোৰহাটতে অনুস্থিত হ’বলগীয়া ৰাজ্যিক প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হোৱাৰ গৌৰৱৰ অধিকাৰী হয়। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like