নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত শাৰীৰিক নিৰ্যাতনৰ বলি অসমৰ মহিলা

বিশেষ বার্তা, ২৭ আগষ্টঃ ৰাজধানী নতুন দিল্লীত পুনৰ অসমৰ এগৰাকী মহিলাই শাৰীৰিক নিৰ্যাতনৰ চিকাৰ হোৱাৰ বাতৰি পোৱা গৈছে। ব্যক্তিগত কাৰণত অসমৰ পৰা দিল্লীলৈ গৈ দক্ষিণ দিল্লীৰ হোটেল কৰণ পেলেচত আশ্ৰয় গ্ৰহণ কৰা মহিলাগৰাকীক হোটেলৰ স্বত্ত্বাধিকাৰীৰ পুত্ৰ জনৈক নবীব কুমাৰ সিঙে মদমত্ত অৱস্থাত কালি নিশা নিৰ্যাতন চলায়। হোটেলৰ কোঠাৰ দৰ্জা ভাঙি প্ৰৱেশ কৰা নবীন কুমাৰক দিল্লী আৰক্ষীয়ে আটক কৰিছে যদিও বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আনুষ্ঠানিকভাবে গোচৰ ৰুজু কৰা নাই বুলি মহিলাগৰাকীৰ পতিয়ে সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰিছে। লক্ষ্যণীয়ভাবে অভিযুক্ত নবীন কুমাৰ সিং হৈছে হোটেল কৰণ পেলেচৰ গৰাকীৰ পুত্ৰ। জানিব পৰা মতে, কালি নিশা প্ৰায় দহ বজাত সংঘটিত নিৰ্যাতনৰ ঘটনাৰ পিছত আৰক্ষীয়ে নিৰ্যাতিতা মহিলাগৰাকীক প্ৰথমতে এইমছত শাৰীৰিক পৰীক্ষাৰ বাবে লৈ যায় আৰু তাৰ পিছত তেওঁক স্থানীয় নিউ ফ্ৰেণ্ডছ কলোনী আৰক্ষী চকীলৈ লৈ যায় যদিও অজ্ঞাত কাৰণত আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ কৰিবলৈ অনীহা প্ৰকাশ কৰিছে। নিৰ্যাতিত মহিলাগৰাকীৰ পতিয়ে ইতিমধ্যে দিল্লীলৈ গৈ আইনী সকলো ব্যৱস্থা লবলৈ যত্ন কৰি আছে।

প্ৰেৰক কল্লোল ভৌমিক

You might also like