নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত শোৱাপাটীতে নৃশংস হত্যা দম্পতীক

বিশেষ বাৰ্তা, ২৭ আগষ্ট : বিলাসীপাৰাৰ ৰাণীগঞ্জৰ কুৰ্শাকাটী গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। ধাৰাবাহিকভাৱে ছিৰিয়াল কিলাৰৰ ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। অপৰাধ  নিয়ন্ত্ৰণত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে বিলাসীপাৰা আৰক্ষী ৷ ৰাজ্য জোকাৰি যোৱা বাছেৰ আলী হত্যাকাণ্ডৰ পিছত এইবাৰ দুৰ্বৃত্তৰ টাৰ্গেট হৈছে স্বামী-স্ত্ৰী।  ৰাণীগঞ্জৰ কুৰ্শাকাটীত শোৱাপাটীতেই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰিছে  শ্বাহজালাল সেখ (৫০) আৰু তেওঁৰ স্ত্ৰী  নাৰ্জিমা বেগমক (৪৫)। দম্পতীটোক হত্যাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিলাসীপাৰাত। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে।  উল্লেখ্য যে এদিন পূৰ্বে দুৰ্বৃত্তই অতি নিৰ্মমভাৱে হত্যা কৰিছে এই দম্পতীটোক। গুৱাহাটীত ‘নীট’ পৰীক্ষাৰ বাবে কোচিং কেন্দ্ৰত অধ্যয়ন কৰি থকা দম্পতীটোৰ কন্যা সাহাৰিনা ইয়াছমিনে বাৰম্বাৰ  ফোন কৰাৰ পিছত  ফোন ৰিছিভ কৰা নাছিল পিতৃ-মাতৃয়ে।  অবশেষত সাহাৰিনাই  আত্মীয়ক  ফোন কৰাত  আত্মীয়ই শ্বাহজাললৰ ঘৰত গৈ দেখে শোৱাপাটীতে পৰি আছে দুই স্বামী-স্ত্ৰীৰ তেজেৰে লুতুৰি-পুতুৰি  ক্ষত-বিক্ষত মৃতদেহ।  লগে লগে হুৱা-দুৱা লাগে কুৰ্শাকাটী আৰু বিলাসীপাৰাত। খবৰ পাই  নিশাই  বিলাসীপাৰাৰ ৰাণীগঞ্জত উপস্থিত হয় ধুবুৰী আৰক্ষী অধীক্ষক, বিলাসীপাৰাৰ  মহকুমা আৰক্ষী বিষয়া, ধুবুৰী অতিৰিক্ত আৰক্ষী অধীক্ষক, মহকুমা দণ্ডাধীশ,  বিলাসীপাৰা  আৰু  সাপটগ্ৰাম আৰক্ষীৰ দল। ঘটনা সন্দৰ্ভত তদন্ত  অব্যাহত  ৰাখিছে আৰক্ষীয়ে। আজি দম্পতীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে কিছু দিন পূৰ্বে বিলাসীপাৰা চহৰৰ মাজমজিয়াত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছে প্ৰতিষ্ঠিত ব্যবসায়ী  বাছেৰ আলীক।  পূৰ্বে দুৰ্বৃত্তই একেই ষ্টাইলত ৰাণীগঞ্জ আৰু বাঘমাৰীত হত্যা কৰিছিল দুই দম্পতী হালক।শান্ত আৰু অমায়িক স্বভাৱৰ শ্বাহজালাল-নাৰ্জিমাৰ হত্যা কাৰীক গ্ৰেপ্তাৰ  কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, আমছু, উকিল সন্থাকে ধৰি বিভিন্ন দল সংগঠনে ৷
প্ৰেৰক সমৰেশ শীল শৰ্মা
You might also like