নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন চাপৰিৰ মনেশ্বৰ বৰাৰ ১২ বছৰীয়া অন্নবিহীন জীৱন…

নিয়মীয়া বাৰ্তা,  ২৮ আগষ্ট : স্বাধীনতাৰ পূৰ্বে জন্মগ্ৰহণ কৰা ৮৫ বছৰীয়া এজন বৃদ্ধৰ আজব কাহিনী ৷ শুনিলে আপোনাৰো চকু কপালত উঠিব। ১২টা বছৰে অন্ন গ্ৰহণ নকৰাকৈ জীয়াই আছে এইগৰাকী ৮৫ বছৰীয়া বৃদ্ধ ৷ আপুনি চাগে শুনি নিশ্চয় আচৰিত হৈছে, কিন্তু অপ্ৰিয় হ’লেও সেয়াই সত্য। ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত চিমেন চাপৰিৰ চমকঙৰ ২নং নাৰায়ণপুৰ গাঁৱত তেওঁৰ ঘৰ । গাঁৱৰে এটা তিনিআলিত চাহৰ হোটেল আৰু গেলামালৰ ব্যৱসায় কৰাৰ উপৰি ঘৰুৱা কাম-কাজতো সহায় কৰে এইগৰাকী বৃদ্ধই । জীৱনৰ ৮৫টা বছৰ অতিক্ৰম  কৰা ব্যক্তিগৰাকীৰ নাম  মনেশ্বৰ বৰা। এতিয়ালৈ ঈশ্বৰৰ কৃপাত কোনো জটিল বেমাৰ-আজাৰ হোৱা নাই বৃদ্ধগৰাকীৰ। সম্পূৰ্ণ সুস্থভাৱে জীয়াই আছে তেওঁ। ক’ভিড-১৯ৰ সময়তো ভেকচিন লোৱা নাছিল বুলি সংবাদ মাধ্যমৰ আগত কয় মনেশ্বৰ বৰাই ৷ য’ত মানুহৰ এসাঁজ ভাত নোখোৱাৰ লগে লগে শৰীৰত দুৰ্বলতা অনুভৱ হয়, সেই ক্ষেত্ৰত এইগৰাকী ৮৫ বছৰীয়া বৃদ্ধই আজি ১২টা বছৰে ভাত নোখোৱাকৈ সম্পূৰ্ণ সুস্থ হৈ আছে। দিনটোত মাথোঁ একাপ গাখীৰ আৰু পানী খাই জীয়াই আছে। তেওঁৰ নুমলীয়া পুত্ৰই পিতৃয়ে ভাত-পানী নোখোৱা দেখি এদিন ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও চিকিৎসকে পৰীক্ষা কৰি কোনো ৰোগ ধৰিব নোৱাৰি সুস্থ বুলি কয়। বেমাৰ-আজাৰ নোহোৱা বৃদ্ধগৰাকীৰ শৰীৰত তেনে কি অদৃশ্য শক্তিয়ে বিৰাজ কৰিছে, যাৰ সহায়ত ১২টা বছৰে অন্ন গ্ৰহণ নকৰাকৈ জীয়াই আছে, তাক লৈ এতিয়া অঞ্চলটোত তীব্ৰ চৰ্চা চলিছে।
প্ৰেৰক কৰবী দলে
You might also like