বিশেষ বাৰ্তা, ২৮ আগষ্ট : ফাইলেৰিয়া নিৰ্মূল অভিযান সন্দৰ্ভত আজি তিনিচুকীয়াৰ যুটীয়া স্বাস্থ্য বিভাগৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখনি সংবাদ মেল সম্বোধন কৰে ৷ ৩১ আগষ্টৰ পৰা ৯ ছেপ্তেম্বৰলৈ আৰম্ভ কৰিবলগীয়া ফাইলেৰিয়া নিৰ্মূল অভিযানৰ স’তে সংগতি ৰাখি সমূহীয়া ঔষধ সেৱন কাৰ্যসূচীত তিনিচুকীয়া নগৰ আৰু হাপজান ব্লকৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি কামনা কৰিছে ৷ বিশেষকৈ তিনিচুকীয়া নগৰ আৰু হাপজান ব্লকৰ অন্তৰ্গত অঞ্চলত এই ৰোগত আক্ৰান্তৰ সংখ্যা অধিক পোৱা গৈছে স্বাস্থ্য বিভাগৰ এক অভিযানত ৷ গতিকে এই দুটা অঞ্চলৰ ৰাইজক চৰকাৰে প্ৰদান কৰা ঔষধ সেৱন কৰি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। কিন্তু গৰ্ভৱতী মহিলা, দুবছৰৰ তলৰ শিশু আৰু বিশেষভাৱে আক্ৰান্ত ৰোগীক এই ঔষধ সেৱন কৰাৰ পৰা বিৰত থাকিবলৈ উল্লেখ কৰিছে ৷ ইয়াৰ লগতে তিনিচুকীয়া যুটীয়া স্বাস্থ্য বিভাগৰ সঞ্চালকে এই অভিযানত ডি ই চি আৰু এলবেন্ডাজল টেবলেট সেৱন কৰি দেশখনক ফাইলেৰিয়া বেমাৰৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনায় ৷
প্ৰেৰক বিবেক বড়া